নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ চৰকাৰ অথবা বিটিচি পৰিষদীয় চৰকাৰৰ অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এখন বিদ্যালয়ৰ ছবিয়ে শিক্ষাপ্রেমী ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷বাগ্সাৰ ভাৰত–ভূটান সীমান্তৱর্তী পশ্চিম দেওচুঙা প্রাথমিক বিদ্যালয়ত নাই কোনো আন্তঃগাঁথনি৷বিদ্যালয়খনৰ জৰাজীর্ণ এটা গৃহতে চলিছে ছটাকৈ শ্রেণীৰ পাঠদান৷ জানিব পৰা মতে, প্রাক্প্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ কণ কণ ৭৮গৰাকী ছাত্র–ছাত্রীৰ বিপৰীতে আছে প্রধান শিক্ষক ইউছুফ আলী আৰু ফুলকণ কলিতা নামৰ দুগৰাকীকৈ শিক্ষক৷ উল্লেখ্য যে বিগত ১৯৮৭ চনতে স্থাপন হোৱা বিদ্যালয়খন চৰকাৰী হয় ২০১৩ চনত৷ চৰকাৰীকৰণ হ’লেও বিদ্যালয়খনৰ বাবে বিগত ছবছৰে চৰকাৰে আগবঢ়োৱা নাই আন্তঃগাঁথনি তথা গৃহ নির্মাণৰ বাবে কোনো ধন৷ যাৰ বাবে জৰাজীর্ণ গৃহটোতে ৰ’দ,বতাহ,বৰষুণকো নেওচি কণ কণ ছাত্র–ছাত্রীসকলে গ্রহণ কৰি আহিছে শিক্ষা৷ আনহাতে, বিদ্যালয়খনত বিশুদ্ধ খোৱাপানীৰো নাই কোনো ব্যৱস্থা৷ যাৰ বাবে কণ কণ ছাত্র–ছাত্রীসকলে তৃষ্ণা নিবাৰণৰ বাবে ঢ়াপলি মেলে ওচৰৰে কৃষিভূমিৰ মাজেৰে বৈ অহা এটা দোঙলৈ৷ দোংটোৰে বৈ অহা বীজাণুযুক্ত পানীকে সেৱন কৰি আহিছে বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে৷আনহাতে, মধ্যাহ্ণ ভোজনৰ খাদ্যও প্রস্তুত কৰিবলগীয়া হয় দোঙটোৰে বৈ অহা পানীৰে৷ ফলত বিভিন্ন সময়ত বিভিন্ন ৰোগতো আক্রান্ত হৈ পৰে ছাত্র–ছাত্রীসকল।