অহা ২৩ ছেপ্টেম্বৰত ১০ হাজাৰৰ অধিক নিযুক্তিঃ ড০ শর্মা

আৰক্ষীৰ নিকা নিযুক্তি প্রক্রিয়াক সমর্থন কংগ্রেছ–এআইইউডিএফৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ অংশ হিচাপে অহা ২৩ ছেপ্টেম্বৰত ১০ হাজাৰৰো অধিক যুৱক–যুৱতীক নিযুক্তি প্রদান কৰিব৷ অসম আৰক্ষীৰ ৫,২০০ পদৰ লগতে অন্যান্য বিভাগ মিলি ১০ হাজাৰৰো অধিক পদত উক্তদিনা আনুষ্ঠানিকভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিযুক্তি পত্র বিতৰণ কৰিব৷  মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে৷ আনহাতে, নিযুক্তিৰ বিষয়টোক লৈ একাংশ প্রচাৰ মাধ্যমৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰি কয় যে দিনটোত তিনিবাৰ মুখ্যমন্ত্রীক লগ পালে তিনিবাৰ একেটাই প্রশ্ন কৰে৷ একেটা বিষয়ক লৈ দিয়া উত্তৰত কিবা সংখ্যা কোনো কাৰণত হেৰফেৰ এটা হ’লেই সেইটোকে লৈ একাংশ সাংবাদিকে নিজৰ মতে এনেদৰে বাতৰি পৰিৱেশন কৰে যে মানুহৰ মূৰবোৰ গৰম হৈ যায়৷ মাজতে নতুন নিযুক্তিৰ প্রসংগক লৈ একাংশই এনেদৰে বাতৰি প্রকাশ কৰিলে যে নিযুক্তি প্রক্রিয়া বন্ধ হ’ব যেনেই লাগিছিল৷ এয়া উচিত নহয়৷ অসম নির্মাণত সাংবাদিকসকলৰো সহায় লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সাংবাদিকে কি প্রশ্ণ সুধিব লাগে, কি প্রশ্ন সুধিব নালাগে সেই সম্পর্কত তেওঁ ইতিমধ্যে সম্পাদকসকললৈ পত্র লিখিছে৷ নিযুক্তি পৰীক্ষাৰ ফলাফল কেতিয়া দিব, সেয়া মুখ্যমন্ত্রীক সুধিবলগীয়া প্রশ্ণ নহয়৷ কাৰণ, মুখ্যমন্ত্রীয়ে পৰীক্ষা নাপাতে, পৰীক্ষা পাতে পৰীক্ষা নিয়ন্ত্রকে৷ কিবা সুধিব লগা থাকিলে পৰীক্ষা নিয়ন্ত্রককহে সুধিব লাগে৷

ইপিনে, অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত সন্তুষ্টি প্রকাশ কৰিছে বিৰোধী দল কংগ্রেছ আৰু এআইইউডিএফে৷ সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে আৰক্ষী বাছনি হোৱাৰ বাবেই চৰকাৰৰ নিযুক্তি প্রক্রিয়াক সমর্থন জনাইছে বিৰোধী দল দুটাই৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াই আৰক্ষীৰ বাছনিত অনিয়ম হোৱা বুলি তেওঁ এতিয়ালৈ অভিযোগ পোৱা নাই বুলি সাংবাদিকৰ আগত মন্তব্য কৰে৷ অৱশ্যে এই বাছনি স্বচ্ছ আৰু নিকা হোৱা মানেই সকলো নিকা হোৱা নুবুজায় বুলি উল্লেখ কৰি তেওঁ কয় যে অসম লোকসেৱা আয়োগৰ ২০১৩–১৪ বর্ষৰ নিযুক্তিক লৈ বহু অভিযোগ আছে৷ সেইদৰে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে কয় যে চৰকাৰৰ ভাল কামক ভাল বুলি ক’মেই৷ সকলো কামতে সমালোচনা কৰিম সেইটো নহয়৷ ভাল কামক ভাল বুলি ক’ম৷ এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে আৰক্ষীৰ বাছনি নিকা আৰু স্বচ্ছ হোৱা বুলি উল্লেখ কৰি কয় যে তেওঁৰ সমষ্টিৰো বহুতেই মেধাৰ বলত বাছনিত উঠিছে৷ নিকা নিযুক্তিৰ লগে লগে ইয়াৰ মাজত যাতে কোনো দালাল সোমাব নোৱাৰে, সেইক্ষেত্রত চৰকাৰক সচেষ্ট হ’বলৈ তেওঁ আহ্বান জনায়৷

ইফালে, জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই কয় যে কালি বাছনি হোৱা অসম আৰক্ষীৰ ৫,২০০টা পদৰ ভিতৰত ধনী ঘৰৰ গাধ ল’ৰাই বাছনিত উঠিছে যদি দেখুৱাই দিয়ক৷ ধনী ঘৰৰ চোকা ল’ৰাই চাকৰি পোৱাত বাধা নাই৷ কিন্তু কোনো ধনী ঘৰৰ গাধ ল’ৰাই যদি বাছনিত উঠিছে, বাছনি পৰীক্ষাত দৌৰিব নোৱাৰা কোনোবাই যদি বাছনি তালিকাত স্থান পাইছে সেয়া দেখুৱাই দিয়ক৷ ভিক্টৰ দাসৰ প্রসংগতো তেওঁ কয় যে নিযুক্তি পৰীক্ষাত অনিয়ম সম্পর্কত তেওঁ কাৰো নাম এতিয়াও কোৱা নাই৷ আৰক্ষীৰ আগত নক’লেও তেওঁ সংবাদ মাধ্যমৰ আগত সেই নাম প্রকাশ কৰক৷

Featured