অৰুণাচলৰ সমীপত ৩০০ পিএলএৰ অৱস্থানঃ টাৱাং সীমান্তত চীন-ভাৰতীয় সেনাৰ হতাহতি

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : লাডাখৰ গালৱান উপত্যকাৰ পাছত এইবাৰ অৰুণাচল প্রদেশৰ টাৱাং সীমান্তত চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘাতত এল এ চিত উত্তেজনা বৃদ্ধি পাইছে৷ চীনৰ সীমান্তৱর্তী ভাৰতৰ অৰুণাচল প্রদেশৰ টাৱাঙৰ সমীপৰ এল এ চিত চীন আৰু ভাৰতীয় সেনাৰ মাজত হোৱা সংঘাতৰ ফলত সীমান্তত উত্তেজনা চলিছে৷ অৰুণাচল প্রদেশৰ টাৱাঙৰ এল এ চিৰ সমীপত প্রায় ৩০০ সু–সজ্জিত চীনৰ পিপলছ লিবাৰেচন আর্মীৰ জোৱানে ভাৰতীয় সেনাৰ সৈতে সংঘাতত লিপ্ত হয়৷ চীনৰ সেনাৰ আচম্বিত এই আগমনত পূর্বৰে পৰা প্রস্তুত হৈ নাথাকিলেও ভাৰতীয় সেনাই ততালিকে যথোচিত প্রত্যুত্তৰ দিয়ে৷ চীনা সেনাক তীব্র প্রত্যাহ্বান জনাই প্রত্যুত্তৰ দিয়াত দুই দেশৰ সেনাৰ মাজত সংঘর্ষ হয় আৰু উভয় পক্ষৰে কেইবাজনো সেনা আহত হৈছে৷ আহত হোৱা জোৱানৰ সংখ্যা এতিয়ালৈকে স্পষ্ট হোৱা নাই যদিও ভাৰতৰ তুলনাত চীনৰ সেনা অধিক আহত হৈছে৷ এই সংঘর্ষত আহত ৬ ভাৰতীয় সেনাক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ তথ্য ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পাইছে৷

ঘটনা বিৱৰণী মতে যোৱা ৯ ডিচেম্বৰত অৰুণাচল প্রদেশৰ টাৱাং ছেক্টৰৰ এল এ চি সংলগ্ণ স্থানত পিপলছ লিবাৰেচন আর্মীৰ জোৱান আৰু ভাৰতীয় সেনাৰ মাজত সংঘাত হয়৷ পিপলছ লিবাৰেচন আর্মীয়ে উক্ত অঞ্চলত ভাৰতীয় সেনাৰ সৈতে প্রথমতে বাদ–বিবাদত লিপ্ত হোৱাৰ পাছতে হতাহতি লাগে৷ দুয়োপক্ষৰ মাজত বহু সময় ধৰি হতাহতি চলাৰ অন্তত পিছলৈ পৰিস্থিতি নিয়ন্ত্রণলৈ আহে৷ এই ঘটনাই পৰিস্থিতি উত্তেজনাময় কৰি তোলাৰ পাছত ভাৰতীয় কমাণ্ডাৰে চীনৰ কমাণ্ডাৰৰ সৈতে আলোচনাত মিলিত হৈ শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাৰ সহমতত উপনীত হ’লেও অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত আছে৷

উল্লেখ্য যে টাৱাঙৰ পৰা উত্তৰ–পূবে ৩৫ কিলোমিটাৰ নিলগত য়াংজিটত দুই দেশৰ সেনাৰ মাজত সংঘাত হয়৷ তাৎপর্যপূর্ণ যে সংঘাত হোৱা এই অঞ্চলটোত দুয়োপক্ষই ওচৰা–উচৰিকৈ পহৰা দি আহিছে৷ এনে ক্ষেত্রত চীনা সৈন্যৰ আগ্রাসী মনোভাবেৰে অধিক আগুৱাই আহি ভাৰতীয় সেনাৰ সৈতে সংঘাতত লিপ্ত হয়৷ ২০০৬ চনৰে পৰা এই অঞ্চলটোত এটা বিন্দুলৈ দুয়ো দেশৰ সেনাই পহৰা দি আহিছে৷ কিয়নো এই অঞ্চলটোৰ সেই বিন্দুটো দুয়োপক্ষই নিজৰ নিজৰ বুলি দাবী কৰি আহিছে৷ গুৰুত্বপূর্ণ যে চীনে অৰুণাচল প্রদেশক নিজৰ বুলি দাবী জনাই আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে চীনৰ চৰকাৰে অৰুণাচল প্রদেশৰ আন্তর্জাতিক সীমান্তৰ সমীপতে সামৰিক আন্তঃগাঁথনি উন্নীত কৰি আহিছে৷ নতুন দিল্লীয়েও চীনক প্রত্যাহ্বান জনাবলৈ আন্তর্জাতিক সীমান্তৰ সমীপতে আন্তঃগাঁথনি নির্মাণৰ কাম আৰম্ভ কৰিছে৷ ভাৰতৰ ভৌগোলিক অখণ্ডতাৰ প্রতি ভাবুকি কঢ়িয়াই লাডাখৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ অৰুণাচল প্রদেশলৈকে চীনে বিবদমান অঞ্চলত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা চলাই আছে যদিও ভাৰতীয় সেনাই চীনৰ এই অভিসন্ধিক সফল হ’বলৈ দিয়া নাই৷ চীনৰ প্রতিটো আগ্রাসনকে যথোচিত প্রত্যুত্তৰ দি আহিছে ভাৰতীয় সেনাই৷ মন কৰিবলগীয়া যে ২০২০ চনৰ জুনত লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত প্রত্যক্ষ সংঘাতৰ পাছত অৰুণাচল প্রদেশত প্রথমটো এনে ঘটনা সংঘটিত হৈছে৷

Featured