নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ সমগ্র ৰাজ্য জোকাৰি যোৱা অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) নিযুক্তি কেলেংকাৰিৰ তদন্ত প্রতিবেদন দাখিল কৰা হৈছে৷ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক লিখিত প্রশ্ণৰ উত্তৰত আজি সদনৰ মজিয়াত এই কথা সদৰী কৰে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সন্দর্ভত সবিশেষ তথ্য সদনত দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অপৰাধ অনুসন্ধান বিভাগৰ আৰক্ষী থানাত ৰুজু হোৱা ২১/২০২০নং গোচৰমর্মে ০৭/২০২০ নম্বৰৰ অভিযোগনামা ২০২০ চনৰ ১৮ ডিচেম্বৰত ৩৬জনৰ বিৰুদ্ধে দাখিল কৰা হৈছে৷ ইয়াৰ পাছত ২০২১ চনৰ ২৩ এপ্রিলত ৬জনৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰা হয়৷ অর্থাৎ এই গোচৰটোত মুঠ ৪২জনৰ বিৰুদ্ধে অভিযোগনামা দিয়া হৈছে৷ তদুপৰি নলবাৰী আৰক্ষী থানাৰ ৫০৭/২০২০ নম্বৰৰ গোচৰটোত অভিযোগনামা দিয়া হৈছে ১৮জনৰ বিৰুদ্ধে৷ এই গোচৰটোত দাখিল কৰা অভিযোগনামাকেইখনৰ নম্বৰ হৈছে – ৩৭৫/২০২০, ৪৩/২০২১, ১২৫/২০২১ আৰু ৩২২/২০২১৷ এছ আই নিযুক্তি কেলেংকাৰি সন্দর্ভত সামগ্রিকভাৱে ৬খন অভিযোগনামা দাখিল কৰা হৈছে৷ য’ত সন্নিৱিষ্ট হৈছে ৬০জনৰ নাম৷ এই ৬০জন লোকৰ ভিতৰত ১০জন বর্তমানেও কাৰাগাৰত থকাৰ বিপৰীতে বাকী ৫০জনে জামিন লাভ কৰিছে৷ ইফালে, এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্ত ভাৰ চি বি আইক অর্পণৰ বিষয়টো কার্যতঃ নস্যাৎ কৰিছে ৰাজ্য চৰকাৰে৷ এই সম্পর্কত আজি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তদন্ত যথাসময়ত সম্পূর্ণ হোৱা হেতুকে তদন্ত প্রক্রিয়া লেহেম হোৱা বা চি বি আইক অর্পণ কৰাৰ প্রসংগ নাহে৷