বন্যপ্রাণী আইনত নিশা কাজিৰঙা চোৱাত বাধা নাইঃ মুখ্যমন্ত্রী

  • বিভাগৰ অনুমতিমর্মেই সদগুৰু আৰু তেওঁ নিশা কাজিৰঙাত জীপ ছাফাৰি কৰিছে
  • অসমখনক কেনেকৈ তললৈ নিব পাৰি একাংশই তাৰেই চিন্তা কৰি থাকে

 

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰ: আধ্যাত্মিক গুৰু সদগুৰুৰ সৈতে যোৱা শনিবাৰে নিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত জীপ ছাফাৰি কৰাক লৈ একাংশই বিতর্কৰ সৃষ্টি কৰিছে৷ এই বিতর্কৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চীফ ৱাইল্ড লাইফ ৱার্ডেনৰ অনুমতিমর্মেই তেওঁলোকে কাজিৰঙাত জীপ ছাফাৰি কৰিছে৷ কোনখন বন্যপ্রাণী আইনৰ অধীনত নিশাৰ ভাগত কাজিৰঙাত যাব নোৱাৰে বুলি প্রশ্ণ কৰি তেওঁ কয় যে অসমত একাংশ ঋণাত্মক চিন্তাধাৰাৰ মানুহে এই বিতর্ক কৰিছে৷ অসমত এতিয়া ঋণাত্মক চিন্তাৰ এক শতাংশ লোক আছে৷ সেয়াও শীঘ্রে নাইকিয়া হ’ব৷ ৰাষ্ট্রীয় উদ্যানলৈ ৰাতি যাব নোৱাৰাৰ কোনো আইন নাই বুলি স্পষ্ট কৰি দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ছিংগাপুৰত নৈশ ছাফাৰি হয়৷ দেশ–বিদেশৰ অভয়াৰণ্যলৈ মানুহ নিশা যায়৷

তেওঁ আৰু কয় যে সদগুৰু আমাৰ অতিথি৷ তেওঁক আমন্ত্রণ কৰি অনা হৈছে৷ সদগুৰু, শ্রীশ্রীৰবি শংকৰৰ অনুগত সমগ্র বিশ্বত আছে৷ এতিয়া সদগুৰুৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছত তেওঁক ভালপোৱাসকলে অসম সম্পর্কত কি ধাৰণা ল’ব৷ আচলতে অসমখনক কেনেকৈ তলত পেলাব পাৰি তাৰেই একাংশই চিন্তা কৰি থাকে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে সদগুৰু, শ্রীশ্রীৰবি শংকৰৰ আগমনে কাজিৰঙাত পর্যটক বৃদ্ধি কৰিব৷ সদগুৰু কাজিৰঙাৰ পর্যবেক্ষক হৈ অহা নাছিল৷ তেওঁ অতিথি হিচাপে আহিছিল বাবেই ছাফাৰি কৰা জীপখনৰ পাছত কাজিৰঙাৰ সঞ্চালকো আছিল৷

Featured