মুখ্যমন্ত্রী ড০ শর্মাৰ উদ্বেগজনক প্রশ্ন- আৰক্ষীৰ এনকাউণ্টাৰক লৈ সন্দেহ কিয়?

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ  অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰি শেহতীয়াকৈ একাংশ ধর্ষণকাৰী, ড্রাগ্ছ সৰবৰাহকাৰী, হত্যাকাৰীক গুলীয়াই আহত কৰা ঘটনাক লৈ ৰাজ্যত একাংশই তোলা সমালোচনাক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মুখ্যমন্ত্রীৰ স্পষ্ট মন্তব্য– মই থকালৈকে অপৰাধী কঠোৰ হাতেৰে দমন হৈয়েই থাকিব৷

উল্লেখ্য যে শেহতীয়াকৈ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা এনকাউণ্টাৰক লৈ বিৰোধীৰ লগতে একাংশ ব্যক্তিবিশেষে যথেষ্ট সৰৱ হৈছে৷ আনকি এনে এনকাউণ্টাৰৰ বাবে মানৱ অধিকাৰ আয়োগত গোচৰো ৰুজু হৈছে৷ এনে প্রতিক্রিয়াৰ পাছতো মুখ্যমন্ত্রীৰ কঠোৰ স্থিতি– এনকাউণ্টাৰ চলিবই৷ অপৰাধমুক্ত সমাজ আমাৰ মূল লক্ষ্য বুলি উল্লেখ কৰি আজি মুখ্যমন্ত্রীয়ে কয়– যিসকলে এনকাউণ্টাৰক লৈ সন্দেহ কৰে, তেওঁলোকৰ মানসিকতা এনেকুৱা নেকি যে তেওঁলোকে অপৰাধী সমাজত থকাটো বিচাৰে?

উল্লেখ্য যে ৰাজ্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠন হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি এইপর্যন্ত প্রায় ৬০টা এনকাউণ্টাৰ সংঘটিত হৈছে৷ কিন্তু ইয়াকে লৈ বিৰোধী ৰাজনৈতিক দলসমূহ মুখ্যমন্ত্রীৰ সমালোচনাত সৰৱ হৈ পৰিছে৷ আজি এনে সমালোচনাৰ প্রত্যুত্তৰ দি মুখ্যমন্ত্রীৰ মন্তব্য– সমালোচকসকলে ধর্ষণকাৰীক গামোচা পিন্ধাওক৷

ৰাজ্যিক বিজেপিৰ কার্যালয়ত এক দলীয় কার্যসূচীত অংশগ্রহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে এই প্রসংগত কয়– এনকাউণ্টাৰৰ ওপৰত প্রশ্ণ কৰিব নাপায়৷ এনকাউণ্টাৰক লৈ সন্দেহ কৰাসকলে দৰাচলতে কি বিচাৰিছে? সমাজত ধর্ষণ, মুকলি ড্রাগ্ছৰ বেহা, হত্যা আদি চলাটো বিচাৰে নেকি? এনে সন্দেহ কৰা লোকসকলে যদি বিচাৰে, অপৰাধীক গামোচা পিন্ধাব পাৰে৷ সাংবাদিকক উদ্দেশ্যি মুখ্যমন্ত্রীৰ মন্তব্য– এনেকুৱা প্রশ্ণ কৰিলে মন বেয়া লাগে৷ কিন্তু মই মোৰ কাম কৰি যাম৷ মই মুখ্যমন্ত্রী হৈ থকালৈকে অপৰাধী কঠোৰ হাতেৰে দমন হ’ব৷

ইফালে দুর্গাপূজা অনুষ্ঠিত কৰাৰ বাবে কালি ৰাজ্য চৰকাৰে প্রকাশ কৰা এছ অ’ পিক লৈ উঠা আপত্তি সন্দর্ভতো মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয়– আক্রান্তৰ সংখ্যা যদি ১০০ৰ তললৈ হ্রাস পায়, তেন্তে পূজা অনুষ্ঠিত কৰাৰ সময় এঘণ্টা বৃদ্ধি কৰা হ’ব৷ পূজাৰ ক্ষেত্রত আমি কিছু কঠোৰ নহ’লে ক’ভিডৰ তৃতীয় ঢ়ৌৰ কবলত পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ কেৰালাত অ’নাম ফেষ্টিভেলৰ পাছতেই তৃতীয় ঢ়ৌৰ সৃষ্টি হৈছিল৷ গতিকে অসমতো দুর্গাপূজাৰ কাৰণে এনে হোৱাটো আমি নিবিচাৰোঁ৷

আনহাতে নিশা ৯ বজাৰ সান্ধ্য আইনৰ সীমা বৃদ্ধি কৰাৰ বাবে একাংশই তোলা দাবী সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– নিশা ৯ বজাৰ পাছত হোটেলত বহা বা ঘূৰি ফুৰাৰ যুক্তি ক’ত? ইয়াৰ ফলত ক’ভিডৰ সংক্রমণ বৃদ্ধি হোৱাৰহে সম্ভাৱনা আছে৷ মুখ্যমন্ত্রী ড০ শর্মাই টেটৰ কেন্দ্র হ্রাস কৰাৰ বাবে সৃষ্টি হোৱা বিতর্কৰো প্রত্যুত্তৰ দি কয় যে ক’ভিড প্রট’কলৰ বাবেহে পৰীক্ষা কেন্দ্র হ্রাস কৰা হৈছে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে নিম্ন আৰু উচ্চ প্রাথমিক টেট অনুষ্ঠিত কৰাৰ বাবে শেহতীয়াকৈ জাৰি কৰা বিজ্ঞাপনত দক্ষিণ শালমাৰা, মানকাচৰ, ধুবুৰী, গোৱালপাৰা, বৰপেটা, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত টেট কেন্দ্র স্থাপন নকৰাক লৈ এ আই ইউ ডি এফ দলে প্রতিক্রিয়া প্রকাশ কৰি অভিযোগ কৰিছে যে সংখ্যালঘু অধ্যুষিত এলেকা বাবেই এই জিলাসমূহত টেটৰ কেন্দ্র স্থাপন কৰা নাই৷ আজি বিষয়টোৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে কয়– ৰাজ্য চৰকাৰে অসমক সংখ্যালঘু বা সংখ্যাগুৰু জিলা হিচাপে কেতিয়াও ভাগ কৰা নাই৷ এয়া এ আই ইউ ডি এফৰ ৰাজনীতি৷ আমাৰ কাৰণে অসমৰ প্রতিটুকুৰা মাটি আমাৰ আপোন৷ ইয়াত কোনো বিভাজন অনা হোৱা নাই৷ কোনোবাই এনেধৰণে ভাবিলেও তেনে ভাবনাক কঠোৰ হাতেৰে দমন কৰা হ’ব৷