ক’ভিড পৰীক্ষা নকৰাকৈ শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন কৰিলে ৩০০ যাত্রীয়ে

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ৰাজ্যখনত ক’ভিডে ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়তে শিলচৰ বিমানকোঠত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড৷

কালি বিমানযোগে শিলচৰলৈ অহা প্রায় তিনিশ লোকে বাধ্যতামূলক ক’ভিড টেষ্ট নকৰাকৈ বিমানকোঠৰ পৰা পলায়ন কৰে৷

জানিব পৰা মতে, কালি শিলচৰ বিমানকোঠত ৬৯০গৰাকী যাত্রী আহে৷ কিন্তু প্রায় ৩০০ বিমানযাত্রীয়ে বাধ্যতামূলক ক’ভিড টেষ্ট নকৰাকৈ বিমানকোঠৰ পৰা পলায়ন কৰে৷

ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শিলচৰৰ আৰক্ষী অধীক্ষকক বিমানকোঠৰ পৰা পলায়ন কৰা যাত্রীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে৷