সমুজ্জ্বলৰ মতৰ বিৰোধিতা লুৰিণজ্যোতিৰঃ আৱেগিক পৰিৱেশত আছুৰ পৰা বিদায় ঘোষণা সমুজ্জ্বল ভট্টাচার্যৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ আছু ৰাজনৈতিক নে অৰাজনৈতিক? আছুৰ ৰাজনৈতিক দর্শন আছে নে ই এটা অৰাজনৈতিক সংগঠন? ইয়াকে লৈ কালি সদৌ অসম ছাত্র সন্থাৰ দুলীয়াজান অধিৱেশনৰ প্রতিনিধি সভাত তীব্র বিতর্কৰ সৃষ্টি হয়৷ সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বিষয়টোক লৈ থকা নিজৰ নিজৰ মতপার্থক্য যুক্তিৰে দাঙি ধৰে৷

দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা আছুৰ সপ্তদশ অধিৱেশনত কালি আছিল দ্বিতীয়খন প্রতিনিধি সভা৷ এই সভা উদ্বোধন কৰি সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে অসমৰ মাটিত সদৌ অসম ছাত্র সন্থা সদায় শক্তিশালী হৈ থাকিব লাগিব আৰু ইয়াৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ থাকিব লাগিব৷

অসমৰ ছাত্র সমাজ সদায় অৰাজনৈতিকভাৱে সংগঠিত হৈ আহিছে৷ লক্ষ্মীনাথ বেজবৰুৱাই অসম ছাত্র সন্মিলন গঠন কৰাৰ পাছৰে পৰা অসমৰ ছাত্র সংগঠনে দীঘলীয়া পৰিক্রমা অতিক্রম কৰিছে৷ স্বাধীনতা আন্দোলনতো অসমৰ ছাত্র সমাজে সক্রিয় অংশগ্রহণ কৰিছিল৷ তেতিয়াও এটা বিতর্ক হৈছিল যে অসমৰ ছাত্রসকল জাতীয় কংগ্রেছৰ লগত চামিল হ’ব নে অৰাজনৈতিকভাৱে সংগঠিত হৈ থাকিব৷

সেই সময়ত অসমৰ ছাত্র সমাজে অৰাজনৈতিকভাৱে সংগঠিত হোৱাৰ পক্ষত মতামত দিলে৷ গতিকে সেই পৰিক্রমাৰ এটা অংশ সদৌ অসম ছাত্র সন্থাও সদায় অৰাজনৈতিক হৈ থাকিব লাগিব৷ আছুৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ থাকিবই লাগিব৷ তেওঁ লগতে কয় যে স্বাধীনতা সংগ্রামী চন্দ্রনাথ শর্মাই অসমৰ ছাত্র–যুৱ সমাজৰ শক্তি সন্দর্ভত কৈছিল যে আমাৰ ইয়াত পশ্চিমৰ বতাহৰ লগত ফেৰ মাৰিব পৰা পূবৰ বতাহ আছে৷

এই পূবৰ বতাহ অসমৰ ছাত্র আৰু যুৱ শক্তি৷ সদৌ অসম ছাত্র সন্থাকো পূবৰ বতাহ বুলি অভিহিত কৰে ড০ সমুজ্জ্বল ভট্টাচার্যই৷ তেওঁ নিজৰ উদ্বোধনী ভাষণত অসমৰ শিক্ষা আৰু সমাজ জীৱনৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি আছুৰ সদস্যসকলক এটা পণ লৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়৷

সেই পণ হ’ল– আমি জিলিকিম, অসমক জিলিকাম, আছুক জিলিকাম৷ তদুপৰি নিৰংহকাৰী মন লৈ, ৰাইজৰ অভিভাৱকত্বত কাম কৰি যাবলৈও সংগঠনটোৰ কর্মীসকলক মুখ্য উপদেষ্টাগৰাকীয়ে পৰামর্শ দিয়ে৷ ইপিনে, ড০ সমুজ্জ্বল ভট্টাচার্যৰ উদ্বোধনী ভাষণৰ পিছতে আছুৰ দৃষ্টিভংগী ব্যাখ্যা কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷

নিজৰ দীঘলীয়া ভাষণত তেওঁ অসমৰ জ্বলন্ত সামাজিক অৰু শৈক্ষিক সমস্যাসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে আছুৰ ৰাজনৈতিক দর্শন সম্পর্কেও বহল ব্যাখ্যা আগবঢ়ায়৷ তেওঁ কয় যে আছু এটা সদায় অৰাজনৈতিক সংগঠন৷ কিন্তু অৰাজনৈতিক মানে এ পলিটিকেলহে, নন–পলিটিকেল নহয়৷ এনজি’, ক্লাব আদি সংগঠনবোৰ অৰাজনৈতিক হ’ব পাৰে, কিন্তু এটা জাতীয় সংগঠন হিচাপে আছু কেতিয়াও নন–পলিটিকেল হ’ব নোৱাৰে৷

আছুৰ ৰাজনৈতিক দৃষ্টিভংগী থাকিবই৷ আছুক নন–পলিটিকেল বুলি কোৱাটো এটা ভুৱা কথা৷ সদৌ অসম ছাত্র সন্থাৰ সংবিধানৰ নির্দিষ্ট দফাৰ উদ্ধৃতি দি তেওঁ কয় যে সংগঠনটোৰ সংবিধানত উল্লেখ আছে যে সামাজিক ন্যায় আৰু সমতা প্রতিষ্ঠা আছুৰ মূল লক্ষ্য৷ সংবিধানত সকলো শোষণ, নিষ্পেষণৰ বিৰুদ্ধে সংগ্রাম কৰাৰ কথা আছে৷ ৰাজনৈতিক সচেতনতা বৃদ্ধিৰ কথা কোৱা হৈছে৷ সমাজতন্ত্র প্রতিষ্ঠাৰ লক্ষ্য সংবিধানে নির্ধাৰণ কৰি দিছে৷

এই প্রতিটো বিষয়েই ৰাজনৈতিক৷ এটা ৰাষ্ট্র ব্যৱস্থাত কোনো মানুহ অৰাজনৈতিক হ’ব নোৱাৰে৷ সদৌ অসম ছাত্র সন্থায়ো সদায় ৰাজনৈতিক প্রশ্ণই উত্থাপন কৰি আহিছে৷ কিন্তু আছু কোনো ৰাজনৈতিক দলৰ বহতীয়া কেতিয়াও নহয়, কোনো দলৰ গণ্ডীত থাকি আছুৱে কাম নকৰে৷ আছুৰ গাত হাজাৰ চেষ্টা কৰিলেও এই আঁচোৰ পৰিবলৈ দিয়া নহয়৷ সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে আন এক তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে সকলো মানুহৰে কিছুমান কাম কৰাৰ এটা নির্দিষ্ট সময় থাকে৷ জীৱন চক্রত নিৰূপণ কৰা থাকে যে কোনটো বয়সত মানুহে কোনটো কাম কৰিব৷

শিক্ষা এটা নিৰৱচ্ছিন্ন প্রক্রিয়া হ’লেও কোনেও নিজকে আজীৱন ছাত্র বুলি ক’ব নোৱাৰে৷ ভাৰতীয় দর্শনেও জীৱনৰ বেলেগ বেলেগ স্তৰ নিৰূপণ কৰি দিছে৷ গতিকে সময় আহিলে পুৰণিৰ প্রতি মানুহে কিছুমান মায়া এৰিবই লাগিব৷ পুৰণি যাব, নতুন আহিব– এয়াই হৈছে প্রকৃতিৰ স্বাভাৱিক নিয়ম৷ কোনো মানুহ সৎ নে অসৎ সেয়া নিৰূপণ কৰিব সময়ে৷ সত্য আৰু সততাৰ বুৰঞ্জী সময়ে লিখিব৷ মানুহৰ বুৰঞ্জীত নিশ্চয় ত্রুটি–বিচ্যুতি থাকিব৷ গতিকে এই মূল্যায়নৰ দায়িত্ব সময়ৰ হাতত এৰি দিব লাগে আৰু নতুনসকলক সপোন সাকাৰ কৰাৰ বাট মুকলি কৰি দিব লাগে৷

এইদৰে আজি ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা প্রায় ৫ হাজাৰ প্রতিনিধিৰ আগত ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ আছুৰ ৰাজনৈতিক আৰু অৰাজনৈতিক চৰিত্র সন্দর্ভত থকা মতভেদ স্পষ্ট হৈ পৰে৷ উল্লেখ্য যে আজিৰ প্রতিনিধি সভা উদ্বোধন কৰি ড০ সমুজ্জ্বল ভট্টাচার্যই নলিনীবালা দেৱীৰ ‘ধূলিকনা মই’ শীর্ষক কবিতাটো আবৃত্তি কৰি দুলীয়াজান অধিৱেশনতে আছুৰ পৰা অৱসৰ ল’ব বুলি ঘোষণা কৰে৷

চকুপানী মচি আবেগিকভাৱে ড০ ভট্টাচার্যই এই ঘোষণা কৰাৰ পিছতেই অধিৱেশনস্থলীত উপস্থিত প্রতিনিধিসকলৰ মাজত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ আবেগিক হৈ পৰে সভাস্থলীত উপস্থিত প্রতিনিধিবর্গও৷ তেওঁৰ এই ঘোষণাৰ পিছতে আছুৰ প্রতিনিধিসকলে ‘সমুজ্জ্বল ভট্টাচার্য জিন্দাবাদ’ ধ্বনি দি তেওঁক আছু এৰি নাযাবলৈ অনুৰোধ জনায়৷ তাৎপর্যপূর্ণভাৱে, ড০ ভট্টাচার্যই ভাষণ দি থকা অৱস্থাত মঞ্চৰ পাছফালে উপস্থিত থাকি হাজোৰ কালীসাধক নগেন দাসে মন্ত্রোচ্চাৰণ কৰি আছিল৷ বিষয়টোক লৈ অধিৱেশনস্থলীত ব্যাপক চর্চা হয়৷ সন্ধিয়াৰ ভাগত অনুষ্ঠিত প্রতিনিধি সভাৰ দ্বিতীয় ভাগত সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সম্পাদকীয় প্রতিবেদন দাখিল কৰাৰ লগতে বিত্তীয় প্রতিবেদনো উত্থাপন কৰে৷

ইয়াৰ পিছতে কার্যনির্বাহক সভাত গ্রহণ কৰা প্রস্তাৱসমূহ প্রতিনিধি সভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হয়৷ মূল প্রস্তাৱসমূহৰ ভিতৰত আছে, আছু সদস্যৰ বয়সৰ ঊর্ধ্বসীমা ৪০ বছৰ নির্ধাৰণ, ৰাজ্যিক কার্যনির্বাহকৰ নূ্যনতম শিক্ষাগত অর্হতা স্নাতক নিৰূপণ আৰু কেন্দ্রীয় কার্যনির্বাহকৰ সর্বোচ্চ কার্যকাল ৩ বছৰ নির্ধাৰণ৷ এই প্রস্তাৱসমূহ অনুমোদিত হ’লেও এই অধিৱেশনত গঠন হ’বলগীয়া ৰাজ্যিক কার্যনির্বাহকৰ ক্ষেত্রত এয়া প্রযোজ্য নহ’ব৷ পৰৱর্তী কার্যনির্বাহকৰ পৰাহে নতুন সংশোধনীসমূহ কার্যকৰী হ’ব৷ ইফালে, আছুৰ ৰাজনৈতিক–ৰাজনৈত্ ভূমিকাক লৈ শীর্ষ নেতৃত্বৰ মাজত থকা গভীৰ মতভেদ পোহৰলৈ অহাৰ পিছত সংগঠনটোৰ নতুন নেতৃত্বলৈ কোন আহে, তাক লৈও উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ আজি মুকলি সভাৰ অধিৱেশনৰ পিছত অনুষ্ঠিত হ’বলগীয়া বিষয়বাছনি সভাতে এই আটাইবোৰ বিষয় স্পষ্ট হৈ পৰিব৷