গুৱাহাটীত এবিভিপিৰ উত্তৰ-পূব ক্ষেত্ৰৰ ছ’চিয়েল মিডিয়া কৰ্মশালা

বিশেষ বাৰ্তা, ৩১ মাৰ্চ : এবিভিপি উত্তৰ-পূব ক্ষেত্ৰৰ এদিনীয়া “ছ’চিয়েল মিডিয়া কৰ্মশালা” আজি গুৱাহাটীৰ ‘যুৱ বিকাশ কেন্দ্ৰ’ত সফলতাৰে অনুষ্ঠিত হয়। এই কৰ্মশালাত উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্য- অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু মিজোৰামৰ এবিভিপি কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত ছ’চিয়েল মিডিয়াৰ বিভিন্ন দিশৰ ‌ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আয়োজিত কৰ্মশালাত এবিভিপিৰ উত্তৰ-পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন, ৰাষ্ট্ৰীয় ছ’চিয়েল মিডিয়াৰ সংযোজক আশিস শৰ্মা, সহ: সংযোজক সুদীপ তালুকদাৰ, চি ডব্লিউ চিৰ সদস্য নিবিয়াং চুমেৰ আৰু ৰাজকুমাৰ ৰবীচন্দ্ৰ সিং উপস্থিত থাকে। এবিভিপিৰ অসম ৰাজ্যিক সম্পাদক হেৰল্ড মহনে প্ৰকাশ কৰে যে বিদ্যাৰ্থী পৰিষদে এই ছ’চিয়েল মিডিয়া কৰ্মশালাত এবিভিপি কাৰ্যকৰ্তাসকলে কেনেদৰে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগে আৰু সাংগঠনিক কাম-কাজত ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াই সমাজত মুক্ত আলোচনাৰ বাট মুকলি কৰিছে। সামাজিক মাধ্যমত বাঁওপন্থী মতাদৰ্শৰ ব্যক্তিসকলৰ অপপ্ৰচাৰৰ বিপৰীতে এবিভিপিয়ে যাতে সমাজত সঠিক তথ্য উপস্থাপন কৰি সমাজখনত সুস্থ পৰিৱেশ গঢ়ি তুলিব পাৰে, তাৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি জনায়।

Featured