জামুগুৰি চাহ বাগিচাত অজন্তা নেওগ গ’ বেক ধ্বনি

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বহু স্থানত সৃষ্টি হৈছে নির্বাচনী হিংসা ৷ নির্বাচনী হিংসাই তচনচ কৰিছে গোলাঘাটৰ ৰাজনৈতিক ক্ষেত্রখনক৷ কংগ্রেছৰ দুর্গ নে অজন্তা নেওগৰ দুর্গ সেয়া প্রতিফলিত হ’ব আগন্তুক নির্বাচনৰ ফলাফলত৷ কিন্তু গেৰুৱা দলত যোগদান কৰাৰ পাছতে বিদ্রোহৰ সৃষ্টি হয় গেৰুৱা দলত৷ বিজেপিত যোগদান কৰি গোলাঘাট বিধানসভা সমষ্টিত দলীয় টিকট লাভ কৰি প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হোৱাৰ পাছত ন–বিজেপি অজন্তা নেওগ প্রবল প্রত্যাহ্বানৰ সন্মুখীন হৈছে ৷ কালি সমর্থকসহ অজন্তা নেওগৰ সমষ্টিটোৰ বালিজান গাঁও পঞ্চায়তৰ অন্তর্গত জামুগুৰি চাহ বাগিচালৈ নির্বাচনী প্রচাৰলৈ যোৱা অৱস্থাত আটছা আৰু চাহ শ্রমিকৰ তীব্র বিক্ষোভৰ সন্মুখীন হয়৷ অজন্তা নেওগ মুর্দাবাদ, বিজেপি গ’ বেক ধবনিৰে উত্তাল কৰি তোলে আটছাৰ নেতা–কর্মী আৰু একাংশ চাহ শ্রমিকে৷ ক্ষোভিত আটছা কর্মী আৰু শ্রমিক ৰাইজে বাগিচাখনৰ পৰা একপ্রকাৰ পহুখেদা দিয়ে অজন্তা নেওগসহ লগত যোৱা সমর্থকসকলক৷ গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী অজন্তা নেওগৰ লগত যোৱা বাহিনীৰ মাজত হতাহতিৰো সৃষ্টি হয় ৷ ততাতৈয়াকৈ উক্ত স্থান পৰিত্যাগ কৰে অজন্তা নেওগসহ কেইবাখনো গাডীত যোৱা বিজেপি কর্মী–নেতাই ৷

উল্লেখ্য যে অজন্তা নেওগৰ সমর্থকৰ প্রতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আটছাৰ গোলাঘাট জিলা সমিতিয়ে৷ অজন্তা নেওগে নির্বাচনী প্রচাৰত গুণ্ডা বাহিনী লগত লৈ ফুৰাৰ মুকলি অভিযোগ কৰিছে আটছাৰ গোলাঘাট জিলা সমিতিৰ সহকাৰী সম্পাদক ৰাজীৱ চেত্রীয়াৰে৷ গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী অজন্তা নেওগক নির্বাচনত উচিত প্রত্যুত্তৰ দিয়াৰ মুকলি হুংকাৰ দিছে আটছা গোলাঘাট জিলা সমিতি আৰু চাহ শ্রমিকে৷