গুৱাহাটী-শিলচৰ ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ফ্লেগ অফ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ১ জুনঃ ৰাজ্যৰ দূৰণিবটীয়া ঠাইৰ মাজত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ ‘অসম পর্যটন উন্নয়ন নিগম’ আৰু ‘ফ্লাইবিগ’ৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি মর্মে আজি গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত ‘ফ্লাইবিগ’ৰ বিমান সেৱাৰ ‘ফ্লেগ অফ’ কৰা হয়। ফ্লেগ অফ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উল্লেখ্য যে ‘অসম পর্যটন উন্নয়ন নিগম’ আৰু ‘ফ্লাইবিগ’ৰ মাজৰ চুক্তি অনুসৰি ‘নন-উড়ান ৰুট’ত আৰম্ভ কৰা এই বিমান সেৱাই আভ্যন্তৰীণ যাতায়ত ব্যৱস্থা উন্নত কৰি অন্যান্য দিশৰ লগতে ৰাজ্যখনৰ পর্যটন উদ্যোগত সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷ এই বিমান সেৱা ‘ভায়েবিলিটি গেপ ফাণ্ডিং’ (VGF)-ৰ জড়িয়তে ৰাজ্য চৰকাৰৰ হৈ ‘অসম পর্যটন উন্নয়ন নিগম’ৰ সহযোগত চলিব। উল্লেখ্য যে মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাত বিগত সময়ছোৱাত অসমৰ প্রতি দেশী-বিদেশী পর্যটকৰ আগ্রহ বহুগুণে বৃদ্ধি পাইছে। ‘ফ্লাইবিগ’ৰ বিমান সেৱা যাত্রীৰ বর্ধিত চাহিদা পূৰণ কৰাত যথেষ্ট সহায়ক হ’ব। আজিৰ প্রাৰম্ভিক উৰণত সর্বাধিক ৭২ জন যাত্রীৰ বিমানখনত ৬৩ জন লোকে ভ্রমণ কৰে। ‘ফ্লাইবিগ’ৰ এই বিমানে দৈনিক গুৱাহাটীৰ পৰা পুৱা ৭.৩০ বজাত যাত্রা কৰি পুৱাই ৮.৩০ বজাত গুৱাহাটীলৈ উভতি আহিব। উল্লেখ্য যে এই বুজাবুজিৰ চুক্তিৰ অধীনতে যোৱা ১ মে’ৰ পৰা গুৱাহাটী-ডিব্রুগড়-গুৱাহাটীৰ মাজতো ‘ফ্লাইবিগ’ৰ বিমান সেৱা আৰম্ভ কৰা হৈছিল। ‘ফ্লেগ অফ’ অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণি বৰা, ‘ফ্লাইবিগ’ৰ অধ্যক্ষ সঞ্জয় নটৱৰলাল মাণ্ডৱীয়কে ধৰি অন্যান্য বিশিষ্টব্যক্তি উপস্থিত থাকে।

Featured