মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লৈ আমূলৰ চমৎকাৰ বিজ্ঞাপন

‘ছাৰ, মাখন খাও’

নিয়মীয়া বাৰ্তা ১২ মেঃ গুজৰাটৰ প্রসিদ্ধ গাখীৰৰ প্রতিষ্ঠান ‘আমূল’ৰ বিজ্ঞাপন মানেই আমোদজনক, কৌতূহল উদ্দীপক৷ সমসাময়িক ঘটনাৱলীক লৈ প্রতিষ্ঠানটোৱে প্রকাশ কৰা বিজ্ঞাপনে সদায়েই জনসাধাৰণক আকর্ষণ কৰি আহিছে৷

মঙলবাৰে ‘আমূল’ৰ নতুন বিজ্ঞাপনৰ বিষয়বস্তু হৈ পৰিল অসমৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ আমূলৰ টুইটাৰ হেণ্ডেলত  আপলোড কৰা বিজ্ঞাপনটোত ড০ শর্মাৰ কার্টুন সন্নিৱিষ্ট কৰি কেপচন দিয়া হয়– ‘ইছপৰ বিশ্বাস কৰো ছাৰ মাখন খাও৷’ অর্থাৎ ‘ইয়াক বিশ্বাস কৰক ছাৰ মাখন খাওক৷’

বিজ্ঞাপনটোৱে টুইটাৰত যথেষ্ট চর্চা লাভ কৰে৷ ইপিনে ড০ হিমন্ত বিশ্ব শর্মায়ো ছ’চিয়েল মিডিয়াৰ জৰিয়তে বিজ্ঞাপনটোৰ বাবে আমূলক ধন্যবাদ জ্ঞাপন কৰে৷ উল্লেখ্য যে টুইটাৰত অসংখ্যজনে ড০ হিমন্ত বিশ্ব শর্মাক লৈ প্রকাশ কৰা বিজ্ঞাপনটো লাইক আৰু ৰি–টুইট কৰিছে৷