জেইইত ৯৮.৪৮ শতাংশ নম্বৰেৰে উজলিল ঘগ্ৰাপাৰৰ আচিফ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ পৰীক্ষাৰ ফলাফলৰ বাবেও অঞ্চলটো যে গৌৰৱান্বিত হয় তাৰ উৎকৃষ্ট উদাহৰণ ঘগ্ৰাপাৰৰ আচিফ হুছেইন। দৃঢ় লক্ষ্য, অধিক মনোনিবেশ যে সফলতাৰ মূল চাবিকাঠী আচিফ হুছেইনে তাকেই প্ৰমাণ কৰি দিলে। আচিফ হুছেইনে কালি ঘোষিত জে ই ই মেইনচ্ পৰীক্ষাত অৱতীৰ্ণ হৈ ৯৮.৪৮% পাই উত্তীৰ্ণ হৈছে। উল্লেখযোগ্য যে আচিফে ৰঙিয়াৰ ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইফালে ঘগ্ৰাপাৰৰ শংকৰজ্যোতি মদাৰ্ণ একাডেমীৰ পৰা আচিফ হুছেইনে ২০২২ চনত মেট্ৰিক পৰীক্ষাত ৯৬.৬৭% পাইছিল। ঘগ্ৰাপাৰ নিৱাসী আবুল হুছেইন আৰু আনোৱাৰা বেগমৰ সন্তান আচিফ হুছেইনৰ ঈৰ্ষনীয় সফলতাত ঘগ্ৰাপাৰবাসীয়ে গৌৰৱবোধ কৰিছে। ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ শিক্ষকৰ কৰ্তব্যবোধক আচিফে সফলতাৰ আঁৰৰ মুল বুলি কয়। আজি ইউক্লিড চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ আব্দুৰ ৰহমান, জেষ্ঠ শিক্ষক পংকজ পল্লৱ শৰ্মা, প্ৰনৱ চৌধুৰী, বিশ্বজিৎ গোস্বামী, ৰেকিব আহমেদ, ৰুমী তালুকদাৰ, সাক্ষি জেইন, নাজমিন চুলতানা, শিখা শৰ্মা, চুমন আহমেদ, চন্দনা জ্যোতিষ কলিতা, দাস একাউন্টেন্ট আব্দুল হ’ক কৰ্মচাৰী মাধৱ কলিতা, উপস্থিত হৈ আচিফ হুছেইনক ফুলাম গামোছা আৰু ফুলাম জাপিৰে সম্ভাষণ জনায়। আনহাতে ইউক্লিডৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আচিফ হুচেইনে পঢ়া ঘগ্ৰাপাৰস্থিত শংকৰজ্যোতি মডাৰ্ন একাডেমীত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকলক আচিফৰ সাফল্যৰ খতিয়ান দাঙি ধৰে শিক্ষক ৰেকিব আহমেদে। ইউক্লিডৰ শিক্ষক সমাজে একাডেমীখনৰ অধ্যক্ষ দিগন্ত তালুকদাৰক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। শংকৰজ্যোতি মডাৰ্ন একাডেমীৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ইউক্লিডৰ অধ্যক্ষ আব্দুৰ ৰহমান আৰু আচিফ হুচেইনক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

প্ৰেৰক বীৰেন কলিতা

Featured