কটন বিশ্ববিদ্যালয়ৰ সৈতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বুজা বুজি চুক্তি স্বাক্ষৰ

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ:  কৰ্কট ৰোগ আৰু অন্যান্য সহযোগী চিকিৎসা সম্পৰ্কীয় ক্ষেত্ৰত প্ৰশিক্ষণ আৰু গৱেষণা আৰম্ভ আৰু শক্তিশালী কৰাৰ বাবে কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটীস্থিত ডা° ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান (বিবিচিআই)ৰ সৈতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।

এই স্বাক্ষৰ পত্ৰখনত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ইন্টাৰ্ণশ্বিপকে ধৰি গৱেষণা আৰু বিকাশৰ যুটীয়া আৰু দ্বৈত কাৰ্যসূচীৰ জৰিয়তে গৱেষণাৰ আদান-প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে যুটীয়াভাৱে আলোচনাচক্ৰ, সন্মিলন বা কৰ্মশালা আয়োজন কৰা; গৱেষণা আৰু শিক্ষাদানত অনুষদৰ সদস্যসকলৰ আন্তঃ-প্ৰতিষ্ঠানিক আদান-প্ৰদান; শিক্ষাৰ্থী আৰু শিক্ষক সকলৰ বাবে পুথিভঁৰালৰ সুবিধাসহ প্ৰতিষ্ঠানগত সুবিধাৰ আদান-প্ৰদান; পুঁজি সংস্থাসমূহক দাখিল কৰাৰ বাবে যুটীয়া গৱেষণা প্ৰকল্পৰ প্ৰস্তাৱ বিকশিত কৰা ইত্যাদি।

এই বুজাবুজি চুক্তিখন প্ৰথম পৰ্যায়ত পাঁচ বছৰৰ বাবে বৈধ হ’ব, পৰৱৰ্তী পৰ্যায়ত সংশোধন, নৱীকৰণ বা সম্প্ৰসাৰিত কৰিব পৰা যাব। চুক্তিখনত বিবিচিআইৰ সঞ্চালক ডা° অমল চন্দ্ৰ কটকী আৰু কটন বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতাই স্বাক্ষৰ প্ৰদান কৰে৷ এই বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকে ডা° বিভূতি ভুচন বৰঠাকুৰ, ডা° দেৱব্ৰত বৰ্মন, ডা° অপূৰ্ব কুমাৰ কলিতা, ডা° মিনাতি বৰঠাকুৰ, অধ্যাপক মহাদেৱ পাটগিৰি, অধ্যাপক জীৱন জ্যোতি দাসকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Featured