বিজেপিক বাদ দি বিটিআৰত চৰকাৰ নহয়

সৰভোগ সমষ্টিৰ ২০টা নামঘৰক অনুদান বিতৰণ ৰঞ্জিত কুমাৰ দাসৰ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ চলি আছে৷ এনে সময়তে কৃষক মুক্তিৰ ৰাজনৈতিক দলক আদৰণি জনাইছে ৰাজ্যিক বিজেপিয়ে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কৃষক মুক্তিৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কৃষক মুক্তিৰ নতুন ৰাজনৈতিক দল শীঘ্রে গঠন হ’ব লাগে৷ গণতন্ত্রত যিমানেই ৰাজনৈতিক দল গঠন হ’ব, সিমানেই গণতন্ত্র শক্তিশালী হ’ব৷ দাসৰ মন্তব্য– কৃষক মুক্তিৰ ৰাজনৈতিক দলক আমি আদৰণি জনাইছেছা৷ যিমানেই ৰাজনৈতিক দল গঠন হয়, সিমানেই বিজেপিৰ ভাল৷ তেওঁলোকে অতি সোনকালে ৰাজনৈতিক দল গঠন কৰক৷ ইপিনে, জাতি–মাটি–ভেটি ৰক্ষাৰ ক্ষেত্রত বিজেপি চৰকাৰ ব্যর্থ হৈছে বুলি বিৰোধীয়ে কৰি থকা অভিযোগ প্রসংগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়– বিৰোধীয়ে ধৃতৰাষ্ট্রৰ ভূমিকা গ্রহণ কৰিছে৷ জাতি–মাটি–ভেটি ৰক্ষাৰ শ্লোগান আছিল বিজেপিৰ৷ বিজেপিয়ে জাতি–মাটি–ভেটি ৰক্ষাৰ কাম কৰি আছে৷ অহা ৫ অক্টোবৰত আমি ৬০ হাজাৰ ভূমিপুত্রৰ পৰিয়ালক মাটিৰ পট্টা দিম৷ ইপিনে, আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিল কেলেংকাৰিত বিজেপি নেতা জডিত থকা প্রসংগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ গুৰুত্বপূর্ণ মন্তব্য– যদি আৰক্ষীৰ এছ আই পদৰ কেলেংকাৰিত কোনো বিজেপি নেতা জডিত আছে, তেনেহ’লে তেওঁলোকক শীঘ্রে গ্রেপ্তাৰ কৰক৷

উল্লেখ্য যে সৰভোগ সমষ্টিৰ অন্তর্গত নামঘৰসমূহৰ উন্নয়নৰ বাবে ২০১৮–১৯ বর্ষৰ অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ পৰা অনুদান বিতৰণ কৰা হয়৷ বৰপেটাৰোড সাহিত্য সভা ভৱনত আজি অনুষ্ঠিত এখন সভাত এই অনুদান বিতৰণ কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি দাস৷ তেওঁ ভাষণ প্রসংগত কয় যে নামঘৰ অসমীয়া সমাজ জীৱনৰ এক অপৰিহার্য অংগ৷ ই অসমীয়া জাতিৰ সমন্বয়ৰ প্রতীক, সংস্কৃতিৰ আকৰ আৰু স্থাপত্যবিদ্যাৰ এক শ্রেষ্ঠ নিদর্শন৷ ই মূলতঃ এক প্রার্থনা গৃহ৷ ইয়াৰ মূল অর্থ হৈছে নাম–কীর্তন কৰা উপাসনা ঘৰ৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে বৈষ্ণৱ ধর্ম প্রচাৰৰ অর্থে প্রথমবাৰৰ কাৰণে নামঘৰ প্রতিষ্ঠা কৰে৷ কিন্তু অতি দুখ আৰু পৰিতাপৰ কথা যে নামঘৰসমূহ যি ধৰণে বিকশিত হ’ব লাগিছিল, সেয়া হোৱা নাই৷ বিভিন্ন সমস্যাৰে জর্জৰিত হৈ পৰিছে৷ সেয়ে বিষয়টো অনুধাৱন কৰি সোণোৱাল চৰকাৰে ৰাজ্যৰ নামঘৰসমূহলৈ আর্থিক অনুদান আগবঢ়োৱাৰ এখন আঁচনি গ্রহণ কৰিছে৷ তাৰেই এক পদক্ষেপ হিচাপে আজি সৰভোগ সমষ্টিৰ অন্তর্গত ২০টা নামঘৰৰ প্রত্যেকটোকে ২.৫০ লাখ টকাকৈ অনুদান আগবঢ়োৱা হয়৷ বুবুল দেউৰীয়ে আঁত ধৰা সভাখনত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র শর্মা আৰু এ পি জি চি এলৰ সঞ্চালক শংকৰ দাসে অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রৰ উন্নয়নৰ বাবে লোৱা আঁচনিসমূহৰ কথা অৱগত কৰায়৷ ইপিনে, এই অনুদান বিতৰণ সভাৰ পিছতে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে বিটিচি নির্বাচন সন্দর্ভতো কেতবোৰ গুৰুত্বপূর্ণ মন্তব্য কৰে৷ বিটিচি নির্বাচনত ২৬টা সমষ্টিতে বিজেপি দলে প্রার্থিত্ব আগবঢ়াব বুলি উল্লেখ কৰি তেওঁ কয় যে বিটিচি নির্বাচনত বিজেপি দলে টু ডিজিট সংখ্যাৰ আসন লাভ কৰিব৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ দাবী– বিটিএডিত বিজেপিক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে৷