বর্ণিহাটত বাঁহ ‘ট্রীটমেণ্ট’ প্রকল্প উদ্বোধন ড’নাৰ মন্ত্রী সিঙৰ

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  গুৱাহাটী মহানগৰীৰ সমীপৰ বর্ণিহাটস্থিত উত্তৰ–পূব বেত আৰু বাঁহৰ উন্নয়ন পৰিষদ NECBDC)ত আজি উদ্বোধন কৰা হয় বাঁহৰ ‘ট্রীটমেণ্ট’ প্রকল্প৷ এই প্রকল্পটো উদ্বোধন কৰে ৰাজ্যিক ড’নাৰ মন্ত্রী (স্বতন্দ্র) ড০ জিতেন্দ্র সিঙে৷ প্রকল্প উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে এয়াৰ মার্শ্বাল তথা উত্তৰ–পূব পৰিষদৰ সদস্য অঞ্জন কুমাৰ গগৈৰ লগতে এন ই চি বি ডি চিৰ মেনেজমেণ্টে সঞ্চালক ড০ শৈলেন্দ্র চৌধুৰী, এন ই চিৰ উপদেষ্টা (বি আইট) আৰ লালৰোডিঞ্জি৷ এই প্রকল্প উদ্বোধন কৰি এন ই চি, এন ই চি বি ডি চিৰ ভূমিকা আৰু এন ই চি বি ডি চিৰ ড০ চৌধুৰীৰ কামক ভূয়সী প্রশংসা কৰে কেন্দ্রীয় মন্ত্রী ড০ সিঙে৷ উল্লেখ্য যে এই প্রকল্পটো ৰাষ্ট্রীয় বাঁহ মিছন আৰু উত্তৰ–পূব পৰিষদৰ পুঁজি দ্বাৰা স্থাপন আৰু ‘ভেৱাম প্রেচাৰ–ইম্প্রেজেনচন্’ কৌশলৰ ওপৰত আধাৰিত৷ ভাৰতক স্বাৱলম্বী কৰি তোলাৰ বাবে এয়া কেন্দ্রীয় চৰকাৰৰ পদক্ষেপ৷ যাৰ দ্বাৰা বাঁহ উদ্যোগ আৰু এই খণ্ডত নিয়োগ সৃষ্টি কৰিব পৰা যায়৷ এই প্রকাৰৰ প্রকল্পই উত্তৰ–পূবৰ স্থানীয় যুৱ আৰু কৃষকসকলক ট্রীটমেণ্ট প্রকল্প স্থাপন কৰিবলৈ উৎসাহিত কৰিব৷ লগতে গাঁওবোৰত উৎপাদিত তেওঁলোকৰ বাঁহৰ বাবে এখন ভাল বজাৰ প্রদান কৰিব৷ বাঁহ উদ্যোগীয়ে ২০০ শতাংশ লাভ কৰাৰ সুযোগ পাব৷ অসমত এই প্রযুক্তিৰ প্রৱর্তনে প্রতি বছৰে ৫০০তকৈও অধিক শিল্পী, উদ্যোগী, কৃষক, ক্ষেত্র কর্মকর্তা, শিক্ষার্থী, আর্কিটেক্ট, বিজ্ঞানী লাভান্বিত হ’ব বুলি আশা কৰা হৈছে৷