এখন শ্বাসৰুদ্ধকৰ যুদ্ধৰ অন্ত! অসম আহি পালেহি ভেকচিন…

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ বিগত দিনৰ এখন শ্বাসৰুদ্ধকৰ যুদ্ধৰ সমাপ্তি ঘোষণা কৰি অসম পালেহি ক’ভিড ভেকচিন। আজি সন্ধিয়াৰ ভাগত যোৱা ৩ জানুৱাৰীত ড্রাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই অনুমোদন জনোৱা ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন ভেকচিন আহি পায় অসম।

মুঠ ২ লাখ ২০ হাজাৰ ভেকচিন বিশেষ স্পাইচ জেটযোগে অনা হয় অসমলৈ। ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাই এইক্ষেত্ৰত কয় যে প্ৰথমতে স্বাস্থ্য কৰ্মী, চাফাই কৰ্মী, আৰক্ষী তথা সামৰিক-অৰ্ধসামৰিক বিভাগৰ লোকক এই ভেকচিন দিয়া হ’ব।

ইয়াৰ পিছতে ৫০ বছৰৰ ঊৰ্ধ্বৰ লোকক ভেকচিন দিয়া হব। আনহাতে ৰোগাক্ৰান্ত লোককো দ্বিতীয় পৰ্যায়ত ভেকচিন দিয়া হ’ব। উল্লেখ্য যে অহা ১৬ জানুৱাৰীত গুৱাহাটী চিকিতসা মহাবিদ্যালয় হাস্পতালত ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে প্ৰায় ৭৫খন হাস্পতালত এই ভেকচিন প্ৰদান কৰা হ’ব।