ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ১০ মেঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যৰ পঞ্চদশ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

আজি ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপাল জগদীশ মুখীয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাক শপতবাক্য পাঠ কৰোৱায়।

উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাসহ বহুকেইজন ৰাষ্ট্ৰীয় নেতা আৰু উত্তৰ-পূৱৰ প্ৰায়কেইজন মুখ্যমন্ত্ৰী আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে।

ইপিনে আজিয়ে কেবিনেট মন্ত্ৰীৰূপে শপত লয় ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, ইউ জি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, ড০ ৰণুজ পেগু, সঞ্জয় কৃষাণ, যোগেন মহন, অজন্তা নেওগ, অশোক সিংহাল, পীযূষ হাজৰিকা আৰু বিমল বৰায়ে।

Featured