বিজনীৰ ২নং খাচীবাৰীত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দঁতাল হাতীৰ

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ ৰাজ্যত বনৰীয়া হাতীৰ আক্ৰমণত মানুহৰ মৃত্যুৰ ঘটনা সংঘটিত হৈ অহাৰ পিছত এইবাৰ জীৱশ্ৰেষ্ঠ মানুহৰ মৃত্যুদূত ৰূপী ফান্দত পৰি মৃত্যুবৰণ কৰিবলগীয়া হ’ল এটি বনৰীয়া হাতী। চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ২নং খাচিবাৰীৰ স্থানীয় লোকে কৃষিভূমি ৰক্ষাৰ বাবে স্থাপন কৰা হাতী প্ৰতিৰোধী বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটি দঁতাল হাতীৰ।

যোৱানিশা ২ নং খাচিবাৰীৰ সুশীল নাৰ্জাৰীৰ কৃষিভূমিত সংঘটিত হয় এই দুৰ্ঘটনাটো। ঘটনা সন্দৰ্ভত পাণবাৰীৰ বন বিভাগে সুশীল নাৰ্জাৰী আৰু সম্বাৰু বসুমতাৰীক গ্ৰেপ্তাৰ কৰে। ইফালে ঘটনাস্থলীত বন বিভাগৰ চিকিৎসক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত যাৱতীয় কাম-কাজ সম্পন্ন কৰি মৃত হাতীটোক সমাধিস্থ কৰা হয় বুলি জানিব দিয়ে বন বিভাগৰ লোকে।

ইফালে ২ নং খাচিবাৰীৰ স্থানীয় লোকে বন বিভাগৰ তৰফৰ পৰা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰে। আনফালে উক্ত অঞ্চলত প্ৰতিদিনেই মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহে বুলি জানিব দিয়ে।