নিশা হঠাৎ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱনতি

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ ক’ভিডত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিশা হঠাতে স্বাস্থ্যৰ অৱনতি ঘটে।

নিশা ১১ বজাত হঠাতে হোৱা এই ঘটনাৰ পাছতেই তাৎক্ষণিকভাৱে GMCHত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অক্সিজেনৰ হাৰ হঠাতে ৮৮ শতাংশলৈ কমি আহে। লগে লগে তৰুণ গগৈক প্ৰদান কৰা হয় ১ ইউনিট প্লাজমা, দিয়া হয় ২ লিটাৰ অক্সিজেন। অৱশ্যে বৰ্তমান তেওঁৰ অৱস্থৈা সুস্থিৰ বুলি জানিব পৰা গৈছে।

ইপিনে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- “আমাৰ চিকিৎসকসকল অহৰহ তেওঁৰ সৈতে লাগি আছে।তেখেতক প্লাজমাও দিয়া হৈছে। তেওঁৰ স্বাস্থ্যৰ অৱস্থা অৱনতি বুলি কব পাৰে, কিন্তু সংকটজনক নহয়।”

DR. HIMANTA BISWA SARMAFeatured