আগন্তুক নিৰ্বাচন হ’ব সভ্যতা-সংস্কৃতি ৰক্ষাৰ যুঁজঃ মৰিগাঁৱত ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ‘আগন্তুক বিধানসভা নিৰ্বাচন হ’ব সভ্যতা-সংস্কৃতি ৰক্ষাৰ যুঁজ। তিৱা পৰিষদ আৰু বি টি আৰ নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰিছে যে আগন্তুক চৰকাৰ বিজেপিৰে হ’ব।’ -মৰিগাঁৱত আজি জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল কৃতজ্ঞতা সমাৰোহত অংশগ্ৰহণ কৰি এই উদাত্ত ভাষণ দিয়ে কৰে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তিৱা পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভৰ পিছতে আজি পাৰিষদসকলৰ শপত গ্ৰহণৰ পিছতে মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল কৃতজ্ঞতা সমাৰোহত অংশগ্রহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ূষ হাজৰিকা, বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শৰ্মা, আঙুৰলতা ডেকা, প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই , তিৱা পৰিষদৰ নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী জীৱন ছন্দ কোঁৱৰ, মৰিগাঁও জিলা অগপৰ সভাপতি শান্তনু শৰ্মা প্ৰমুখ্যে বহু বিশিষ্ট লোকে।

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ চাৰিওফালে অস্তিত্বৰ সংকট সৃষ্টি হৈছিল, কাজিৰঙাতো বেদখল হৈছিল। গঁড় হত্যা কৰিছিল সন্দেহজনক লোকে। বিজেপি চৰকাৰ অহাৰ পিছত তাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে। আজি মিঞা মিউজিয়াম , মিঞা কবিতা লিখা মানুহ ওলাইছে।
আজি অসমত চিলাৰায়, জোঙাল বলহুৰ দৰে বীৰৰ গৌৰৱ কাহিনীৰ বিপৰীতে মিঞা কবিতা লিখা মানুহ ওলাইছে। সেয়েহে আগন্তুক নিৰ্বাচন সভ্যতাক ৰক্ষা কৰাৰ নিৰ্বাচন।

মন্ত্ৰী ড০ শৰ্মাই লগতে কয়- কোনো আজমলক আমি দিছপুৰত সোমাব নিদিওঁ। আমি জাতি তোক আগুৱাই নিব চেষ্টা কৰিছোঁ। ক’ভিডৰ সময়ত আমি সৰ্বশ্রেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছোঁ। চাৰে চাৰি লাখ ছাত্ৰ ই বিনামূলীয়া নামভৰ্তি কৰিছে। মাইক্ৰ’ ফাইনান্সৰ কৃষ্টি উঠাবলৈ কোনেও মহিলাক হাৰাশাস্তি কৰিব নোৱাৰিব।

আনহাতে আজি মন্ত্ৰী ড০ শৰ্মাই মৰিগাঁৱত মেডিকেল কলেজ স্থাপন হ’ব বুলি ঘোষণা কৰাৰ লগতে প্ৰতিটো তিৱা সমষ্টিত ৫ কোটিকৈ টকাৰ বিশেষ পেকেজ দিয়া হ’ব বুলি ঘোষণা কৰে।আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে পূৰ্বৰ দুৰ্নীতিৰ বিপৰীতে বৰ্তমানৰ চৰকাৰৰ দিনত কেৱল উন্নয়ন হৈছে ৰাইজৰ। অসমৰ নাৰী সমাজে ভৱিষ্যতৰ অসমীয়া সমাজ গঠন কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।