নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে বিভিন্ন জল্পনা–কল্পনা৷ নতুনকৈ জন্ম হৈছে ইটোৰ পাছত সিটোকৈ ৰাজনৈতিক দল৷ শেহতীয়াকৈ আছু আৰু যুৱ ছাত্র পৰিষদৰ উদ্যোগত নতুনকৈ জন্ম লাভ কৰা অসম জাতীয় পৰিষদ (অজাপ)ক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ এনে চর্চাৰ মাজতে অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষি, পশুপালন বিভাগৰ মন্ত্রী অতুল বৰাই নতুনকৈ জন্ম লাভ কৰা আঞ্চলিক দলসমূহক কটাক্ষ কৰি কয়– নতুন ৰাজনৈতিক দল গঠন কৰাৰ বিষয়ে শুনি আছোঁ৷ কিন্তু কাগজৰ পাততে ৰৈ যাব নতুন আঞ্চলিক দল৷
ইপিনে, আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০+ আসন লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্যক নস্যাৎ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ এই সম্পর্কত সভাপতি বৰাই কয় যে বিজেপি মিত্রজোঁটে ১০+ নহয়, এইবাৰ নির্বাচনত তেওঁলোকৰ আসনৰ সংখ্যা ২০–২৫–৩০ৰ মাজত থাকিব৷ বাকী আসনসমূহ কংগ্রেছ আৰু মহাজোঁটেহে লাভ কৰিব৷ সভাপতি বৰাই লগতে আছু–যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত গঠন হ’বলগীয়া দলসমূহক কংগ্রেছৰ মহাজোঁটলৈ আহিবলৈ আহ্বান জনায়৷ তেওঁ লগতে প্রত্যেকে আঞ্চলিক দল খুলিলে অসম কেনেকৈ সুৰক্ষিত হ’ব বুলি প্রশ্ন কৰে৷ উল্লেখ্য যে কিছুদিন পূর্বে ৰাজ্যৰ বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত অহা বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০+ খন আসন লাভ কৰিব বুলি মন্তব্য কৰি বাকী আসনসমূহ বিৰোধী দলে পাব বুলি প্রকাশ কৰিছিল৷