নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাগজৰ পাততে ৰৈ যাব নতুন আঞ্চলিক ৰাজনৈতিক দল, অসম জাতীয় পৰিষদক কটাক্ষ মন্ত্রী অতুল বৰাৰ

১০০ প্লাছ নহয়, ২০–৩০তে সীমাবদ্ধ থাকিব বিজেপিৰ আসনঃ ৰিপুণ বৰা

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে বিভিন্ন জল্পনা–কল্পনা৷ নতুনকৈ জন্ম হৈছে ইটোৰ পাছত সিটোকৈ ৰাজনৈতিক দল৷ শেহতীয়াকৈ আছু আৰু যুৱ ছাত্র পৰিষদৰ উদ্যোগত নতুনকৈ জন্ম লাভ কৰা অসম জাতীয় পৰিষদ (অজাপ)ক লৈ ৰাজনৈতিক মহলত ব্যাপক চর্চা চলিছে৷ এনে চর্চাৰ মাজতে অগপৰ সভাপতি তথা ৰাজ্যৰ কৃষি, পশুপালন বিভাগৰ মন্ত্রী অতুল বৰাই নতুনকৈ জন্ম লাভ কৰা আঞ্চলিক দলসমূহক কটাক্ষ কৰি কয়– নতুন ৰাজনৈতিক দল গঠন কৰাৰ বিষয়ে শুনি আছোঁ৷ কিন্তু কাগজৰ পাততে ৰৈ যাব নতুন আঞ্চলিক দল৷

ইপিনে, আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০+ আসন লাভ কৰি অসমত পুনৰ চৰকাৰ গঠন কৰিব বুলি কৰা মন্তব্যক নস্যাৎ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ এই সম্পর্কত সভাপতি বৰাই কয় যে বিজেপি মিত্রজোঁটে ১০+ নহয়, এইবাৰ নির্বাচনত তেওঁলোকৰ আসনৰ সংখ্যা ২০–২৫–৩০ৰ মাজত থাকিব৷ বাকী আসনসমূহ কংগ্রেছ আৰু মহাজোঁটেহে লাভ কৰিব৷ সভাপতি বৰাই লগতে আছু–যুৱ ছাত্র পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতৃত্বত গঠন হ’বলগীয়া দলসমূহক কংগ্রেছৰ মহাজোঁটলৈ আহিবলৈ আহ্বান জনায়৷ তেওঁ লগতে প্রত্যেকে আঞ্চলিক দল খুলিলে অসম কেনেকৈ সুৰক্ষিত হ’ব বুলি প্রশ্ন কৰে৷ উল্লেখ্য যে কিছুদিন পূর্বে ৰাজ্যৰ বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত অহা বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০+ খন আসন লাভ কৰিব বুলি মন্তব্য কৰি বাকী আসনসমূহ বিৰোধী দলে পাব বুলি প্রকাশ কৰিছিল৷

You might also like