দক্ষিণ কামৰূপৰ জোৰশিমুলীত চাঞ্চল্যকৰ হত্যাকাণ্ড

🔹 ডিঙি চেপি হত্যা কৰিলে পত্নীক

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : দক্ষিণ কামৰূপৰ জোৰশিমুলীত এক চাঞ্চ্যলকৰ হত্যাকাণ্ড সংঘটিত হয়। স্বামীয়ে ডিঙি চেপি হত্যা কৰে পত্নীক। হত্যাৰ বলি হোৱা মহিলাগৰাকী ৰাহিমা বেগম (২২)। ৰাহিমা বেগম ডেৰ বছৰীয়া এটা সন্তানৰ মাতৃ ৷ হত্যাকাণ্ড সংঘটিত কৰা স্বামী শ্বাহজামাল হকক ইতিমধ্যে আটক কৰিছে জোৰশিমুলী আৰক্ষীয়ে। তিনি বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰাহিমা বেগম। বিবাহৰ পিছৰে পৰাই স্বামীগৃহৰ পৰিয়ালৰ নিৰ্যাতনৰ বলি হৈ আহিছিল ৰাহিমা বেগম।

প্ৰেৰক ভগৱান দাস

Featured