নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ ভোটগণনাৰ পূর্বেই মহাজোঁটে প্রার্থীসকলক বিজেপিৰ হর্ছ ট্রেডিঙৰ পৰা ৰক্ষা কৰাৰ বাবে একেলগে নিৰাপদে ৰখাৰ ব্যৱস্থা কৰাৰ সমান্তৰালভাৱে আৰম্ভ কৰিছে চৰকাৰ গঠনৰ কুচকাৱাজ৷ গছত কঁঠাল ওঁঠত তেলৰ লেখীয়াকৈ মহাজোঁটৰ মাজত আৰম্ভ হৈছে মুখ্যমন্ত্রীকে ধৰি মহাজোঁটৰ চৰকাৰত কোন অংশীদাৰ দলে কিমানটা মন্ত্রী পদ পাব, তাৰ অংক৷ মহাজোঁটৰ প্রতিটো অংশীদাৰ দলেই স্বাভাৱিকতে বিগ ব্রাদাৰ হিচাপে কংগ্রেছক মুখ্যমন্ত্রীৰ পদটো ইতিমধ্যে এৰি দিছে৷ সেয়ে কংগ্রেছৰ ভিতৰত মুখ্যমন্ত্রী কোন হ’ব, তাক লৈ ব্যাপক চর্চা আৰম্ভ হৈছে৷
কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, এই মুহূর্তলৈ দলৰ ভিতৰত চাৰিজনকৈ মুখ্যমন্ত্রীৰ দাবীদাৰ ওলাইছে৷ তেওঁলোক হৈছে– প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা গহপুৰৰ পৰা জয়ী হৈ আহিলেই স্বাভাৱিকতে প্রথম স্থানতে নাম আহিব তেওঁৰ৷ কিয়নো বৰাই চৰম দুর্যোগৰ দিনত সুদীর্ঘ পাঁচ বছৰে দলটোক নেতৃত্ব দি অহাৰ লগতে পূর্বতে মন্ত্রী পদ চম্ভালি অহাৰ উপৰি বর্তমান ৰাজ্যসভাত প্রতিনিধিত্ব কৰি থকাৰ যথেষ্ট অভিজ্ঞতা আছে৷ তদুপৰি কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ইতিমধ্যে ৰাজহুৱাভাৱে ৰিপুণ বৰাক আটাইতকৈ পৰিশ্রমী প্রদেশ কংগ্রেছৰ সভাপতি বুলি স্বীকৃতি প্রদান কৰিছে৷ তেনে অৱস্থাত হাইকমাণ্ডৰ প্রথম পছন্দতেই বৰাৰ নাম আহিব বুলি কংগ্রেছ মহলে ধাৰণা কৰে৷ একে সময়তে সাংসদ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়েও সমানে মুখ্যমন্ত্রী পদৰ দৌৰত আছে৷ অৱশ্যে তেওঁলোক দুয়োজনে এইবাৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা নাই৷ তেওঁলোকৰ কোনো এজন মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’লে ছমাহৰ ভিতৰত বিধানসভালৈ নির্বাচিত হৈ আহিব লাগিব৷ এনে অৱস্থাত তেওঁলোকৰ বাবে দলৰ কোনো বিধায়কে সমষ্টি এৰি দিব লাগিব৷
আনহাতে, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াও মুখ্যমন্ত্রী পদৰ দৌৰত আছে৷ দলীয় সূত্রটোৱে জানিবলৈ দিয়া মতে, নির্বাচনী ফলাফল ঘোষণাৰ পাছত দলীয় বিধায়ক আৰু হাইকমাণ্ডেহে চূড়ান্ত কৰিব প্রকৃততে মুখ্যমন্ত্রী কোন হ’ব৷
ইপিনে মহাজোঁটৰ মন্ত্রীসভাত দুইৰ পৰা তিনিজন উপ–মুখ্যমন্ত্রী ৰখাৰো চিন্তা–চর্চা পূর্ণগতিত চলি আছে৷ অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফৰ পৰা এজনকৈ উপ–মুখ্যমন্ত্রী নিয়োগৰ লগতে কংগ্রেছৰ পৰাও এজনক উপ–মুখ্যমন্ত্রীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে বুলি সূত্রটোৱে ব্যক্ত কৰে৷ সূত্রটোৰ মতে, এ আই ইউ ডি এফে দাবী কৰি অহাৰ দৰে ১৮ৰ পৰা ১৯খন আসন লাভ কৰিলে স্বাভাৱিকতে মহাজোঁটৰ বিজয়ৰ স্বীকৃতি হিচাপে দলটোৰ এজন বিধায়কক উপ–মুখ্যমন্ত্রীৰ দায়িত্ব অর্পণ কৰিব৷ একেদৰে বি পি এফেও ৮ৰ পৰা ১০খন আসন লাভ কৰিলে তেওঁলোককো এটা উপ–মুখ্যমন্ত্রীৰ পদ উপহাৰ দিব৷ অনুৰূপ ধৰণে কংগ্রেছে এককভাৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে কংগ্রেছৰ পৰাও এজন উপ–মুখ্যমন্ত্রী ৰখাৰ পূর্ণ সম্ভাৱনা আছে৷ সূত্রটোৱে আৰু জানিবলৈ দিয়া মতে, অংশীদাৰ দল এ আই ইউ ডি এফ আৰু বি পি এফক মন্ত্রীসভাত গুৰুত্বপূর্ণ স্থান দিয়া সম্পর্কতো মহাজোঁটৰ ভিতৰচ’ৰাত ব্যাপক গুণাগঁথা চলি আছে৷ অৱশ্যে এয়া সকলো নির্ভৰ কৰিব নির্বাচনী ফলাফলৰ ওপৰতহে৷ বিধানসভাত অংশীদাৰ দলৰ দলীয় স্থিতিৰ অনুপাত আৰু যোগ্যতা অনুসৰিহে মন্ত্রীসভাত স্থান দিয়াৰ লগতে দপ্তৰ বিতৰণ কৰিব৷