পাপী কংগ্ৰেছে গংগাত গা ধুলেও পাপ মোচন নহয় : মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : ‘কংগ্ৰেছৰ চৰিত্ৰ বুলি একোৱেই নাই। স্বাধীনতাৰ অত বছৰ শাসনত থাকিলে যদিও দেশৰ লগতে অসমৰ উন্নয়নৰ বাবে একোৱেই নকৰিলে। সংখ্যালঘু এলেকাত উন্নয়নৰ বাবেও কংগ্ৰেছে একো নকৰিলে। প্ৰকৃততে কংগ্ৰেছ পাপী, গংগাত গা ধুই আহিলেও পাপ মোচন নহয়।’ এই বক্তব্য অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ। আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছি সমষ্টিৰ পতনিস্থিত হাজো অগপৰ মুখ্য কাৰ্য্যালয় পঞ্চতীৰ্থ ভৱনত এটি যোগদান কাৰ্য্যসূচীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই এনেদৰে মন্তব্য কৰে। অগপ নেতা প্ৰদীপ দাসে আঁত ধৰা যোগদান কাৰ্য্যসূচীৰ মুকলি সভাত মন্ত্ৰী অতুল বৰাই পুনৰ কয়, অসমত এনডিএৰ ঢৌ প্ৰবল ৰূপত বৈছে। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ লগতে অসমৰ মান-সন্মান বৃদ্ধি হৈছে। চৌদিশে উন্নয়ন হৈছে। নৰেন্দ্ৰ মোদীয়ে অভিলাষী আঁচনিৰে মহিলাসকলক উন্নয়নৰ দিশলৈ আগবঢ়াই নিছে। অসমতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত উন্নয়নৰ জোৱাৰ উঠিছে। এই নিৰ্বাচন উন্নয়ন আৰু বিকাশৰ।” সমাগত বৰপেটা লোকসভা সমষ্টিৰ চুকে-কোণে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। ৩নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিটো ৰাজনৈতিক দলে ঠায়ে ঠায়ে নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী তৎপৰতা তুংগত তুলিছে। সমান্তৰালভাৱে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত আজি হাজো-শুৱালকুছি সমষ্টিত প্ৰচাৰ চলাবলৈ মন্ত্ৰী অতুল বৰা উপস্থিত হয়। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো- শুৱালকুছি সমষ্টিৰ অগপৰ মুখ্য কাৰ্যালয় হাজোৰ পঞ্চতীৰ্থ ভৱনত আজি মন্ত্ৰী অতুল বৰাই বিজেপি অগপ আৰু ইউপিপিএল মিত্ৰজোটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। আগন্তুক সাত মেত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ জ্যেষ্ঠ নেতা ফনীভূষণ চৌধুৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ ব্যাপক কৰি তুলিছে। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত হাজো-শুৱালকুছিৰ হাজো পাখামেলা, বঙালপাৰা, বামুন্দী আৰু গেৰুৱাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰে মন্ত্ৰী অতুল বৰাই। এই নিৰ্বাচনী কাৰ্য্যালয় মুকলিত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, অগপ নেতা জয়ন্ত কুমাৰ নাথ, বলি কলিতা, মেৰিণা বেগম শইকীয়া, বিজেপি নেতা বিপুল দাস, হৰিচৰণ মালাকাৰকে দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইফালে হাজো অগপৰ মুখ্য কাৰ্য্যালয় পঞ্চতীৰ্থ ভৱনত এক যোগদান কাৰ্য্যসূচীত অসম জাতীয় পৰিষদৰ হাজো সমষ্টিৰ সভাপতি ৰবিউল হুছেইনৰ নেতৃত্বত কেইবাগৰাকীও দলীয় নেতা-কৰ্মীয়ে অতুল বৰাৰ উপস্থিতত আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে। যোগদান কৰা লোকসকলক অগপৰ দলীয় প্ৰতীকেৰে অভিনন্দন জনায়।

প্ৰেৰক শ্বাহজাহান ইছলাম

Featured