ভাৰত গৌৰৱ সন্মান লাভ নগাঁৱৰ কৰৈয়নীৰ বেদাংগনা কাশ্যপৰ

নিয়মীয়া বাৰ্তা, ২৬ মে : ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজলাবলৈ সক্ষম হ’ল নগাঁৱৰ কৰৈয়নীৰ ছাত্ৰী বেদাংগনা কাশ্যপে। নগাঁৱৰ কৰৈয়নীৰ বেদাংগনা কাশ্যপে সত্ৰীয়া নৃত্য, লোকনৃত্য আৰু কথক নৃত্য পৰিৱেশন কৰা বাবে ইণ্ডিয়া প্ৰাউড বুক অফ ৰেকৰ্ডছে ভাৰত গৌৰৱ সন্মান প্ৰদান কৰে। এই সন্মানত “ইণ্ডিয়া প্ৰাউড বুক অফ ৰেকৰ্ডছে বেদাংগনা কাশ্যপক এটা ট্ৰ’ফী,এখন চাৰ্টিফিকেট আৰু এটা ব্ৰঞ্জৰ মেডেল আগবঢ়ায়। উল্লেখ্য যে বেদাংগনাৰ এই সফলতাত পৰিয়ালবৰ্গৰ লগতে গাওঁবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও বেদাংগনা কাশ্যপে ৰাজ্যৰ লগতে দেশৰ বহু স্থানত নৃত্য পৰিৱেশন কৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
প্ৰেৰক তপন কটকী
Featured