নগৰবেৰাৰ পাৰঘাটত লেচী-এছঅ’ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ৰংঙ্গেশ্বৰীপাম-জলজলী দেওশিলা পাৰঘাটত ৰাইজে আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পাৰঘাটৰ লেচী আৰু এছ অ’ৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে। উল্লেখ্য যে ৰফিকুল ইছলাম হৈছে ডিবিআৰপি পাৰঘাটৰ লেচী, নগৰবেৰাৰ ডিবিআৰপি পাৰঘাটতো সম্প্ৰতি লেচী ৰফিকুল ইছলামে চলাই আছে। জানিব পৰা মতে, ডিবিআৰপি পাৰঘাটৰ পৰা ৰংঙ্গেশ্বৰীপাম জলজলী দেওশিলা পাৰঘাটৰ দূৰত্ব প্ৰায় ৩ কিলোমিটাৰ, তাৰে সুযোগতে ৪০ বছৰে ৰাইজে চলাই থকা উল্লেখিত পাৰঘাটটো বিভাগীয় ভাবে বন্ধ কৰি লেচী ৰফিকুল ইছলামৰ নেতৃত্বত উক্ত পাৰঘাটত অতিৰিক্ত নৌকা চলাবলৈ লওঁতেই ৰাইজ ক্ষুব্ধ হৈ পাৰঘাটতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ লেচী আৰু পাৰঘাটৰ এছ অ’ৰ কাৰ্য্যকলাপত ক্ষুন্ন হৈ পৰে স্থানীয় কেবাশতাধিক ৰাইজ। ক্ষুব্ধ ৰাইজে জলজলীৰ পাৰত লেচী ৰফিকুল ইছলাম আৰু এছ অ আবুল হুছেইনৰ খামখেয়ালীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি লেচীৰ নৌকা গুচাই দিয়াৰ লগতে বন্ধ কৰি দিয়ে উক্ত পাৰঘাটটো।উল্লেখ্য যে,ছমৰীয়া উন্নয়ন খণ্ডৰ পৰা প্ৰতি বছৰে নিবিদা লাভ কৰি প্ৰায় ৪০ বছৰধৰি ৰাইজে উক্ত পাৰঘাটটো চলাই আহিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৰাইজে ।পাৰঘাটৰ পৰা অহা লাভৰ অংশ মন্দিৰ, মছজিদ অথবা অনুষ্ঠান প্ৰতিষ্ঠানত বিগত সময়চোৱাত ভগাই দি আহিছে। ইপিনে কোটি টকীয়া জিঅ’ বেগৰ বান্ধ সুৰক্ষাৰ স্বাৰ্থত উক্ত ঠাইত যিহেতু যন্ত্ৰচালিত নাঁৱ চলাচল বন্ধ ৰখাৰ বাবে বিভাগীয় ভাৱে জাননীৰ ফলক আৰি দিয়া হৈছে তৎস্বত্তেও উক্ত ঠাইত যন্ত্ৰচালিত নাও চলাচল অব্যাহত থাকিলে কোটি টকীয়া জিঅ বেগৰ বান্ধৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি হব বুলিও একাংশ লোকে মতপোষণ কৰিছে। লেচী ৰফিকুল ইছলাম আৰু এছ অৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে পূৰ্বৰ দৰেই ৰাইজক পাৰঘাটটো চলাবলৈ অনুমতি দিয়াৰ বাবে ৰাইজে জিলা উপায়ুক্তৰ লগতে বিভাগীয় কৰ্তৃপক্ষক প্ৰতিবাদৰ জড়িয়তে প্ৰতিবাদকাৰী ৰাইজে দাবী জনাইছে ৷

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

Featured