বিজেপি বিধায়িনী দলৰ নেতা নির্বাচিত হোৱাৰ পিছতেই ড০ শর্মাক আদৰণি অগপ–ইউপিপিএলৰ

নিয়মীয়া বাৰ্তা ১০ মেঃ বিজেপিৰ নৱনির্বাচিত বিধায়কসকলে ড০ হিমন্ত বিশ্ব শর্মাক বিজেপি বিধায়িনী দলৰ নেতা নির্বাচিত কৰাৰ পিছতেই অগপ আৰু ইউপিপিএলৰ নেতৃবৃন্দৰ সৈতে বিজেপিৰ এখন বৈঠক অনুষ্ঠিত হয়৷ মিত্রদলৰ অংশীদাৰ দুয়োটা দলেই ড০ শর্মাক উষ্ম আদৰণি জনায়৷ অগপৰ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিৰ বিধায়িনী দলে ড০ হিমন্ত বিশ্ব শর্মাক বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰিছে৷ অগপ দলে নিঃচর্তভাৱে তেওঁক সমর্থন জনাইছে৷ তিনিওটা বিধায়িনী দলৰ মাজত হোৱা যৌথসভাত ড০ শর্মাক শুভেচ্ছা জনায়৷ ড০ শর্মা মিত্রদলৰো বিধায়িনী নেতা৷

আজি মিত্রদলৰ দলপতি ড০ শর্মাই মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিব৷ ড০ শর্মাৰ নেতৃত্বত ৰাজ্যত এখন শক্তিশালী চৰকাৰ হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত উন্নয়নৰ গতিধাৰা আৰু ত্বৰান্বিত হ’ব৷ ক’ভিডকে ধৰি সন্মুখত কিছু প্রত্যাহ্বান আছে যদিও সেয়া অতিক্রম কৰিব পৰা যাব বুলি সভাপতি বৰাই কয় যে স্বাস্থ্যমন্ত্রী হিচাপে ড০ শর্মাই যোৱাবাৰ ক’ভিডৰ সৈতে যিদৰে মোকাবিলা কৰিছিল এইবাৰো সকলো প্রত্যাহ্বানৰ মোকাবিলা কৰিব৷

সেইদৰে অগপৰ সাংসদ তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী বীৰেন্দ্রপ্রসাদ বৈশ্যই কয় যে ৰাজ্যখনৰ অতি শক্তিশালী মন্ত্রী, অতি সফল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কাইলৈৰ পৰা অসমৰ মুখ্যমন্ত্রী হিচাপে লাভ কৰিম৷ ড০ শর্মাৰ নেতৃত্বত অসম নিশ্চিতভাৱে উন্নয়নৰ দিশত আৰু আগবাঢ়ি যাব৷ সেইদৰে ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসম আগবাঢ়ি যাব বুলি উল্লেখ কৰি কয় যে বিজেপিৰ বিধায়িনী দলৰ নেতাগৰাকীৰ প্রতি তেওঁলোকৰ পূর্ণ সমর্থন আছে৷ ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে ৰাজ্যখনৰ ৩ কোটি ৩০ লাখ লোকৰ সকলো সমস্যা সমাধান কৰিব পাৰিব বুলি আশা ব্যক্ত কৰি তেওঁ ইয়াৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনায়৷ ইউপিপিএল দল চৰকাৰখনৰ সৈতে সদায় থাকিব বুলিও ব্যক্ত কৰে৷

Featured