গেৰাণ্টী দিয়া মহাজোঁটৰ ভৰসা নাই নিজ প্রার্থীৰ ওপৰতঃ মিত্রজোঁটক বদনাম কৰিবলৈ বহিঃৰাজ্যলৈ পঠিয়াইছে প্রার্থী

নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ ৰাজ্যত আকৌ এবাৰ বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন হ’ব৷ –এই দাবী অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ৷ সোমবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি বিজেপি মিত্রজোঁটৰ অংশীদাৰ দলটোৰ সভাপতিগৰাকীয়ে কয় যে নির্বাচনত অসম গণ পৰিষদে কিমানখন আসন পাব, সেই সন্দর্ভত জ্যোতিষীৰ দৰে ভৱিষ্যদ্বাণী কৰাটো উচিত নহয়৷ ৰাইজৰ মৰম–আদৰক সংখ্যাৰে জুখিব পৰা নাযায়৷ কিন্তু পূর্বতকৈ অধিক আসনেৰে যে মিত্রজোঁটে চৰকাৰ গঠন কৰিব, সেয়া নিশ্চিত৷

ইফালে বিৰোধী দলসমূহে নিজৰ প্রার্থীক বহিঃৰাজ্যলৈ প্রেৰণ কৰা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে শাসকীয় দলক বদনাম কৰিবলৈ বিৰোধী দলসমূহে নিজৰ প্রার্থীক বাহিৰলৈ প্রেৰণ কৰিছে৷ এয়া অতি দুর্ভাগ্যজনক আৰু নীতিহীন ৰাজনীতিৰ প্রতিফলন৷ যিটো দলে নির্বাচনৰ সময়ত গেৰাণ্টীৰ কথা কৈছিল, সেই দলে এতিয়া নিজৰ প্রার্থীকে ভৰসা কৰিব পৰা নাই৷ ৰাইজে তেওঁলোকক কেনেদৰে বিশ্বাস কৰিব৷ তাতে এইবাৰ কংগ্রেছ দলে এ আই ইউ ডি এফৰ লগত মিত্রতা কৰি নতুন ৰূপত আত্মপ্রকাশ কৰিছে৷ তেওঁলোকে নিজক পণ্য সামগ্রী বুলি ভাবি লৈছে৷ ৰাজনীতিত তেওঁলোকৰ কথাৰ কোনো মূল্য নাই৷ বিগত ৭০ বছৰত অসমক অনুন্নয়নৰ দিশলৈ ঠেলি দিয়া কংগ্রেছ মহাজোঁটক ৰাইজে কোনো কাৰণত বিশ্বাস নকৰে৷ অসমত বিজেপি মিত্রজোঁটৰ শক্তিশালী চৰকাৰ গঠন হোৱাটো নিশ্চিত৷

Featured