চলন্ত ৰে’লৰ পৰা পৰি ২নং ভকত চাপৰিৰ কিৰণ মিলিৰ মৃত্যু

🔹 স্বগৃহলৈ অনা নহ’ল মৃতদেহ : স্বামীৰ মৃত্যুত দিকবিদিক হেৰুৱাইছে পত্নীয়ে
নিয়মীয়া বার্তা,  ২৭ এপ্ৰিল : এটি জুপুৰি ঘৰ। সেই জুপুৰিতে পত্নী আৰু একমাত্ৰ ৯ বছৰীয়া কন্যা সন্তানক এৰি এবুকু সপোন লৈ ঘৰৰ পৰা বহিঃৰাজ্যলৈ ওলাই গৈছিল কিৰণ মিলি নামৰ এজন ৩৪ বছৰীয়া লোক। বহিঃৰাজ্যত কাম কৰি এটি ঘৰ সাজিব, কন্যাক পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব। এনে এক সপোন লৈ ঘৰৰ পৰা ওলাই যোৱা বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজাৰ ২নং ভকত চাপৰি গাঁৱৰ কিৰণ মিলিৰ আদবাটতে সপোন চূৰমাৰ হৈ গ’ল। যোৱা ১৮ এপ্ৰিলত ঘৰৰ পৰা ওলাই যোৱা কিৰণ আৰু ঘূৰি নাহিল। কিৰণ মিলিয়ে একে গাঁৱৰ পাঁচজন লোকৰ সৈতে হাইদৰাবাদলৈ কোম্পানীত কাম কৰিবলৈ গৈছিল। যোৱা দেওবাৰে পুৱতি নিশা চলন্ত ৰে’লৰ পৰা হঠাৎ পৰি যায় কিৰণ মিলি। লগৰীয়াসকলে জৰুৰীকালীন চেইন টানি ৰে’লৰ পৰা নামি গৈ তিনি ঘণ্টা সময় বিচাৰি মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ কৰে কিৰণক। লগে লগে ৰে’ল বিভাগৰ আৰক্ষীৰ সহযোগত নালগাণ্ডা চৰকাৰী মেডিকেল কলেজ হস্পিতালত ভৰ্তি কৰায় যদিও চিকিৎসকে কিৰণক মৃত ঘোষণা কৰে। কিন্তু টকাৰ অভাৱত স্বগৃহলৈ অনা নহ’ল কিৰণৰ মৃতদেহ, ঘূৰাই আনিলে মাথোঁ কাপোৰৰ বেগ আৰু নথি-পত্ৰ। কালি লগৰীয়াসকলে ঘৰলৈ আহি সংবাদ মাধ্যমৰ আগত বিৱৰি ক’লে কিৰণৰ মৰ্মান্তিক দুৰ্ঘটনাৰ বিষয়ে। স্বামীৰ অকাল মৃত্যুত দিকবিদিক হেৰুৱাই মুখৰ মাত নাইকিয়া হৈছে পত্নীৰ। ৯ বছৰীয়া একমাত্ৰ কন্যা সন্তানটিক লৈ কেনেকৈ জীয়াই থাকিব আদি অনেক প্ৰত্যাহ্বানে বেৰি ধৰিছে কিৰণৰ পত্নীক। কিৰণৰ পত্নীয়ে চৰকাৰৰ পৰা সহায় বিচাৰিছে। বিচাৰিছে এটি চৰকাৰী আৱাসগৃহ, ৰেচন কাৰ্ড, অৰুণোদয়। দুৰ্ভগীয়া পৰিয়ালটি চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকা বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজ আৰু দল-সংগঠনে। গোলাঘাট জিলা টি এম পি কে আৰু ৰাইজে শীঘ্ৰে দুৰ্ভগীয়া পৰিয়ালটিক এটি চৰকাৰী আৱাসগৃহ, ৰেচন কাৰ্ড, অৰুণোদয় আৰু এককালীন অৰ্থ সাহায্য দিবলৈ জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক দাবী জনাইছে।

 

প্ৰেৰক পৱন কামান

Featured