প্রাচীন বিনিময় প্রথাৰে পুনৰ উজলি উঠিল ঐতিহ্যমণ্ডিত জোনবিলৰ পাৰ

তিৱা ৰজাক ৰাজভাট্টা প্রদানঃ চিৰা–সান্দহ লৈ পাহাৰলৈ উভতিল মামা–মামী

ঐতিহাসিক যুগৰ বিৰল বিনিময় প্রথাৰে উজলি উঠিল ঐতিহাসিক জোনবিলৰ পাৰ৷ কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰিল আধুনিক মুদ্রাৰ প্রচলন৷ কাহিলিপুৱাৰে পৰা জোনবিলৰ পাৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকেৰে লোকাৰণ্য হৈ পৰা পৰিলক্ষিত হয়৷ সাম্প্রতিক আধুনিকতাৰ ধামখুমীয়াত সমাজ ব্যৱস্থাৰ পৰা বিলুপ্ত হ’ব খোজা পাহাৰ–ভৈয়ামৰ বিভিন্ন কৃষিজাত সামগ্রীৰ প্রত্যক্ষ আদান–প্রদান হোৱা বিনিময় প্রথা আজিও বিশ্বৰ বুকুত সগৌৰৱে প্রাচীন গোভা ৰজাৰ অধীনত জিলিকি আছে৷ ব্যতিক্রমী এই কার্যসূচীত পাহাৰৰ মামা–মামীসকলে লৈ অনা আদা, হালধি, লাউ, কোমোৰা আদিৰ লগত ভৈয়ামৰ জলপান, চিৰা–পিঠা, সান্দহ–মুৰি আদিৰ লগত প্রত্যক্ষ বিনিময় কৰা হয়৷

শুকুৰবাৰে পুৱা এই বিনিময় প্রথা আনুষ্ঠানিকভানে উদ্বোধন কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে৷ মেলালৈ অহা পাহাৰৰ মামা–মামীসকলে ভৈয়ামৰ পৰা সংগ্রহ কৰা এই জা–জলপানৰ মেটমৰা সম্ভাৰ লৈ আজি বিয়লি ওভতনি যাত্রা কৰে৷ উদুলি–মুদুলি হৈ পৰা আৰু ভাতৃত্ববোধৰ মিলনক্ষেত্র হৈ পৰা এই বিনিময় প্রথাৰ পিছতে জোনবিলত অনুষ্ঠিত হয় সমূহীয়া মৎস্য চিকাৰ৷ মেলাৰ মূল মণ্ডপত দুপৰীয়া অনুষ্ঠিত হয় মধ্য অসমৰ তিৱা ৰজাসকলৰ ৰাজদৰবাৰ৷ গোভা ৰজা দীপছিং দেওৰজাৰ নেতৃত্বত অনুষ্ঠিত ৰাজদৰবাৰত বিভিন্ন নৃত্য–গীতেৰে মুখৰিত হৈ পৰে৷ জোনবিল মেলা সমিতিৰ সম্পাদক জুৰছিং বৰদলৈয়ে আঁত ধৰা ৰাজদৰবাৰত ১৮জন তিৱা ৰজাক অসম চৰকাৰৰ তৰফৰ পৰা ৰাজভাট্টা প্রদান কৰা হয়৷