আলফাৰ জিম্মাতে আছে কুইপৰ দুই বিষয়া, পৰেশ বৰুৱাৰ বিস্ফোৰক মন্তব্য

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ এতিয়াও আলফাৰ জিম্মাতে আছে দিল্লীৰ কুইপ অইল এণ্ড ইনফ্রাষ্ট্রাকচাৰ লিমিটেডৰ অভিযন্তা প্রণৱ কুমাৰ গগৈ আৰু ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰ। দুয়োগৰাকী কৰ্মচাৰীক মুক্তি দিয়া বুলি আজি কিছু সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছতে আজি নিউজ লাইভৰ চীফ মেনেজিং এডিটৰ ছৈয়দ জাৰিৰ হুছেইনৰে হোৱা বাৰ্তালাপৰ সময়ত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কৰ্মচাৰী দুগৰাকী তেওঁলোকৰ জিম্মাতে আছে বুলি জানিবলৈ দিয়ে।

সম্পাদকগৰাকীয়ে কৰ্মচাৰী দুগৰাকীক মুক্তি দিয়া হৈছে নেকি বা তেওঁলোকৰ জিম্মাতে আছে নেকি জানিব বিচৰাত পৰেশ বৰুৱাই কয়-  ‘এতিয়ালৈকে দুয়োগৰাকীকে মুক্তি দিয়া হোৱা নাই। কিয়নো কুইপো কোম্পানীটো এতিয়ালৈকে বুজাবুজিত উপনীত হোৱা নাই।’

সম্পাদকগৰাকীয়ে তেওঁলোক ভালে আছেনে বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰুৱাই পুনৰ কয়- ‘এতিয়ালৈ ভালে আছে, কিন্তু যদি ভাৰতীয় দখলদাৰী বাহিনী লগাই কিবা কৰিব বিচাৰে, তেন্তে তেওঁলোকৰ ভৱিষ্যৎ আমাৰ হাতত নাথাকিব, তাৰ বাবে দায়ী হ’ব কুইপো কোম্পানী।’

উল্লেখ্য, পৰেশ বৰুৱাই লগতে অসমীয়া বিষয়াজন সন্দৰ্ভত কয় যে পৰিস্থিতিজনিত কাৰণত তেওঁক জিম্মাত ৰাখিবলগীয়া হৈছে আৰু তেওঁৰ এগৰাকী থলগিৰী অসমীয়া হিচাপে বিশেষ অসুবিধা নহ’ব যদিও হিন্দীভাষী বিষয়াগৰাকীৰ জীৱনলৈ ভাবুকি আহিব পাৰে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰৰ সন্ধিয়া ইনাওৰ তৈলখাদত কর্মৰত অৱস্থাৰ পৰাই প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক আলফা (স্বাধীন)–এন এছ চি এন (কে)ৰ দলে অপহৰণ কৰি নিছিল৷ দুয়োৰে মুক্তিৰ বিনিময়ত সশস্ত্র সংগঠন দুটাই ২০ কোটি টকা দাবী কৰা বুলি প্রকাশ পাইছিল৷