নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ বিমানযাত্রীসকলৰ ক্ষেত্রত ইতিপূর্বে জাৰি কৰা ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউর্ছ (এছ অ’ পি)ত কিছু সংশোধনী ঘটাইছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে৷ এই সংশোধনী অনুসৰি এতিয়াৰে পৰা অসমলৈ বিমানযোগে অহা কোনো লোকে ৭২ ঘণ্টাৰ ভিতৰত উভতি গ’লে কোৱাৰেণ্টাইনত থাকিব নালাগে৷
অৱশ্যে এইক্ষেত্রত বিমানযাত্রীসকলে নির্দিষ্ট কেতবোৰ চর্ত মানিব লাগিব৷ সেই অনুসৰি বিমানযাত্রীসকলে ৭২ ঘণ্টাৰ ভিতৰত উভতি যোৱাৰ টিকট দেখুওৱাটো বাধ্যতামূলক হ’ব৷ তদুপৰি অসমত উপস্থিত হোৱাৰ পাছতে বিমানযাত্রীক ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব৷ যদিহে এই টেষ্টৰ ফলাফল নিগেটিভ আহে, তেওঁলোকৰ ক্ষেত্রতহে প্রযোজ্য হ’ব উক্ত নিয়ম৷ ইয়াৰ বিপৰীতে টেষ্টৰ ফলাফল পজিটিভ ওলালে ক’ভিড প্রট’কল অনুসৰি সংশ্লিষ্টসকলে আইছ’লেচন বা চিকিৎসাধীন হ’ব লাগিব৷ ক’ভিড–১৯ৰ লক্ষণ থকাসকলক আৰ টি–পি চি আৰ পৰীক্ষাও কৰোৱা হ’ব৷ ৰেপিড এণ্টিজেন টেষ্টৰ ফলাফল নিগেটিভ আহিলেও আৰ টি–পি চি আৰ টেষ্টৰ ফলাফল নহালৈকে বিমানযাত্রীজনক আইছ’লেচনত ৰখা হ’ব৷
অসমত থকা সময়ছোৱাত বিমানযোগে অহা লোকসকলে সামাজিক দূৰত্ব বর্তাই ৰখাটো বাধ্যতামূলক হ’ব৷ যদি কোনো লোকে ৭২ ঘণ্টাতকৈ অধিক সময় অসমত থাকে, তেন্তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰাৰ লগতে নির্দিষ্ট নিয়ম অনুসৰি কোৱাৰেণ্টাইন কৰা হ’ব৷ স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাই কালি এইচ এল বি.১১১/২০২০/৩৪১ নম্বৰৰ এক নির্দেশনাযোগে এছ অ’ পিত এই সংশোধনী ঘটাইছে৷