ডিব্ৰুগড়ত এচিড আক্ৰমণত বলি হোৱা যুৱতীৰ কাষত মন্ত্ৰী পিযুষ হাজৰিকা

অসম চিকিৎসা মহাবিদ্যালয়ত মন্ত্ৰী পিয়ুয হাজৰিকা উপস্থিত হৈ বুজ লয় যুৱতীৰ গৰাকী স্বাস্থ্য

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ  প্ৰেমৰ দিৱস দিনাই ডিব্ৰুগড়ত সংঘটিত হৈছিল নিকৃষ্ট কাণ্ড। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে এগৰাকী যুৱতীৰ শৰীৰত ছটিয়াই দিয়া হৈছিল এচিড। ডিব্ৰুগড় আমোলা পট্টী নাট্য মন্দিৰৰ সন্মূখত যোৱা ১৪ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া সংঘটিত গৈছিল এই ঘটনা। যি ঘটনাই ৰাজ্য খনতে চাঞ্চল্য সৃষ্টি কৰিছিল। বিউটি হাজৰিকা নামৰ এগৰাকী মহিলা দেহত বৌদ্ধদেৱ দাস নামৰ এটা লম্পতে ছটিয়াই দিছিল এচিড।

ইফালে ঘটনা সংঘটিত কৰা দিনাই লম্পত বৌদ্ধদেৱ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান এই লম্পত ৰঙা ঘৰৰ আলহী। আনহাতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে এচিড আক্ৰমণত বলি হোৱা মহিলা গৰাকী।

আজি অসম চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ  হাজৰিকা উপস্থিত হৈ বিউতি হাজৰিকা স্বাস্থ্য বুজ লোৱাৰ লগতে তেওঁ লগত মত বিনিময় কৰে।লগতে মন্ত্ৰীগৰাকীয়ে যুৱতীগৰাকী সকলো চিকিৎসা বিনামূলীয়া কৰিব বুলি ঘোষণা কৰা লগতে যুৱতীগৰাকীয়ে ইচ্ছা কৰিলে ৰাজ্যৰ বাহিৰলৈ চিকিৎসা কৰিবলৈ নিয়া হ’ব বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।