বিশ্বনাথত পাৱাৰলুমৰ বিৰুদ্ধে অভিযান

বিশেষ বাৰ্তা, ২ মাৰ্চঃ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই এইবাৰ পাৱাৰ লুমৰ মেখেলা চাদৰ আৰু গামোছাৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে।উল্লেখ্য যে কালি হস্ততাঁত (উৎপাদনৰ বাবে অনুচ্ছেদ সংৰক্ষণ) আইন, ১৯৮৫ ৰ অধীনত গামোচা আৰু মেখেলা চাদৰ তৈয়াৰ কৰা পাৱাৰলুমৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি বজাৰত বিশ্বনাথ প্ৰশাসনৰ সহযোগত এনফৰ্চমেণ্ট স্কোৱাডে  বিশেষ অভিযান চলায়।এই অভিযান কালত অভিযানকাৰীদলে  ৫২ খন গামোচা, ৪৫ খন মেখেলা আৰু ২৭ যোৰ মেখেলা চাদৰ জব্দ কৰে। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক তথা বিষয়া কৰ্মচাৰী আৰু আৰক্ষীৰ সৈতে এই অভিযানৰ নেতৃত্ব দিছিল বিশ্বনাথৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ  বিচিত্ৰা দাসে।

প্ৰেৰক জয়ন্ত বৰা

Featured