অসমীয়া ভাষাত প্রকাশ পাব প্রধানমন্ত্রী মোদীৰ দুখন কিতাপ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ একোগৰাকী বিশেষ ব্যক্তিৰ কিতাপৰ অনুবাদৰ প্রকাশে গ্রন্থৰ জগতখনক বিশেষ আয়তন প্রদান কৰে৷ প্রধানমন্ত্রীৰ কিতাপৰ অসমীয়া অনুবাদৰ প্রকাশেও ভাষাটোৰ প্রতি তেওঁক অধিক আগ্রহী কৰি তুলিব আৰু সেই আগ্রহে অসমীয়া ভাষাটোক সহায় কৰাৰ যথেষ্ট সম্ভাৱনা আছে৷ মূল কথা হ’ল উপযুক্ত মহলে সেই সম্ভাৱনাক কিমানদূৰ কামত প্রয়োগ কৰিব পাৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ মনৰ কথা ৰাইজৰ মাজলৈ নিয়মীয়াকৈ নিয়াৰ কথা মনত ৰাখি আকাশবাণীযোগে আৰম্ভ কৰিছিল ‘মন কী বাত’ অনুষ্ঠান৷ এই ‘মন কী বাত’ৰ পৰা নির্বাচন কৰি উলিওৱা কিছুমান উদ্দীপনামূলক কামৰ বর্ণনা আৰু কথাৰে ‘মোৰ প্রিয় দেশবাসী’ নামেৰে এই কিতাপখন সজাইছে লেখিকা নম্রতা দত্তই৷ প্রধানমন্ত্রীগৰাকীয়্ অসম আৰু অসমবাসীৰ প্রসংগত ‘মন কী বাত’ত কোৱা ভালেখিনি কথা ইয়াত সন্নিৱিষ্ট হৈছে৷ বিশেষকৈ সর্বানন্দ সোণোৱাল প্রসংগত কোৱা কথাখিনিয়ে বিশেষ গুৰুত্ব বহন কৰিছে৷

নতুন দিল্লীৰ ব্লুক্রাফত ডিজিটেল ফাউণ্ডেচনৰ সহযোগত এই কিতাপখন প্রকাশ কৰা হৈছে৷ ৰাজনীতিত প্রৱেশ কৰাৰ আগতে নৰেন্দ্র মোদী আছিল ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ প্রচাৰক৷ সেই সময়ত তেওঁ নিজৰ মনৰ ভাববোৰ দিনলিপিৰ দৰে কবিতাৰ ধৰণে লিখি থৈছিল৷ এই লেখাবোৰে তেওঁৰ সামাজিক দায়বদ্ধতা, দেশপ্রেম, মানসিক গঠন আৰু বিকাশৰ এখন নিবিড আৰু বিশ্বাসযোগ্য ছবি দাঙি ধৰে৷ সংঘৰ প্রচাৰকগৰাকী গৈ আজিৰ নৰেন্দ্র মোদী হৈ উঠাৰ কাহিনী জনাৰ ক্ষেত্রত এই কথাখিনিৰ গুৰুত্ব বহু বেছি৷

বহু বছৰ পিছত সেই লেখাবোৰৰ সংকলন গুজৰাটী ভাষাত প্রকাশ পাইছিল, সংকলনটিৰ নাম আছিল ‘সাক্ষী–ভাব’৷ প্রখ্যাত চলচ্চিত্র লেখিকা ভাবনা চোমায়াই সেই কিতাপখন ইংৰাজীলৈ অনুবাদ কৰিছিল আৰু ইংৰাজী সংকলনৰ নাম আছিল ‘লেটার্ছ টু মাদাৰ’৷ এই কিতাপখনকে অসমীয়া লৈ অনুবাদ কৰিছে উৎপল দত্তই আৰু অসমীয়া সংস্কৰণৰ নাম দিয়া হৈছে ‘আইলৈ চিঠি’৷ দুয়োখন কিতাপৰে প্রকাশক অসম পাব্লিছিং কোম্পানীৰ দীপক কুমাৰ সান্যাল৷

Featured