বুধবাৰে কামাখ্যাত আশীষ ল’লে ৰাহুল গান্ধীয়ে

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে পুৱাৰ ভাগত গুৱাহাটীৰ নীলাচল পাহাৰত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰে ।

বুধবাৰে পুৱা তেওঁ কামাখ্যা মন্দিৰত উপস্থিত হৈ মাৰ আশীৰ্বাদ লৈ ছয়গাঁও অভিমুখে ৰাওনা হয় । ডিঙিত ফুলাম গামোচা লৈ মা কামাখ্যাৰ আশীষ লোৱা দেখা গ’ল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীক । কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাহুল গান্ধীয়ে টুইটযোগে ‘অসমৰ সন্মান আৰু প্ৰগতিৰ সংগ্ৰামত আমি আপোনাৰ সৈতে আছো’ বুলি টুইট কৰে ৷

ছয়গাঁৱত দলীয় প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আৰু বৰক্ষেত্ৰীৰ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে ছয়গাওঁ সমষ্টিৰ প্ৰীতিপুৰত এখন জনসভা সম্বোধন কৰিব । আনহাতে বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকথা খেলপথাৰত তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব ।