নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ সুৰাৰ ৰাগিত মাতাল হৈ ৰাজপথ মেৰামতিৰ কামত নিয়োজিত হৈ থকা শ্রমিকক গাড়ীৰে মহটিয়াই নিয়া বিতর্কিত মডেল ৰাজকন্যা বৰুৱাৰ বিপদ আঁতৰি যোৱা নাই৷ ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীক মেনেজ কৰি এদিনতে মুক্তি লাভ কৰা ৰাজকন্যা বৰুৱাক পুনৰ গ্রেপ্তাৰৰ পিছত ৰুদ্ধ হৈ পৰিছে মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ৷ বুধবাৰে পুনৰ ৰাজকন্যাৰ জামিন নাকচ কৰে কামৰূপ মহানগৰ জিলাৰ সত্র ন্যায়াধীশৰ আদালতে৷ ইয়াৰ লগে লগে কাৰাগাৰতে আৰু অধিক দিন বিতর্কিত মডেলগৰাকীয়ে কটাবলগীয়া হোৱাটো নিশ্চিত হ’ল৷
উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ মাজনিশা ৰুক্মিণীগাঁৱত ৰাজকন্যাই ৮জন শ্রমিকৰ লগতে এজন পথচাৰীক মহটিয়াই নিছিল৷ নিশাই মহানগৰ আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে যদিও জামিনত মুকলি হৈ যায়৷ ইয়াৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়, যাৰ পৰিপ্রেক্ষিতত অসুস্থতাৰ ভাও ধৰি জি এন আৰ চিত চিকিৎসাধীন হৈ থকা অৱস্থাত ৰাজকন্যাক পুনৰ গ্রেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে৷ ইতিমধ্যে ৰাজকন্যাৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা যোছেফ মাৰাক নামৰ এজন শ্রমিকৰ মৃত্যু ঘটিছে৷ শ্রমিকজনৰ মৃত্যুৰ পিছতে ৰাজকন্যা অধিক বিপদৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে৷