মার্চত ৰাজ্যসভাৰ দুখন আসনৰ নির্বাচন! বিভাজিত বিৰোধী–কংগ্রেছত অন্তঃকলহঃ নিশ্চিত জয়ৰ দিশে বিজেপি মিত্রজোঁট

 নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ অহা মার্চ মাহত অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব৷ বর্তমান কংগ্রেছৰ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কার্যকাল অহা ২ এপ্রিলত অন্ত পৰিব৷ সেই অনুসৰি অহা মার্চ মাহত সেই আসন দুখনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব৷ সম্প্রতি অসম বিধানসভাৰ বিভিন্ন দলৰ স্থিতি এনেধৰণৰ– বিজেপি ৬২, কংগ্রেছ ২৭, এ আই ইউ ডি এফ ১৫, অগপ ৯, ইউ পি পি এল ৭, বি পি এফ ৩, ৰাইজৰ দল ১, চি পি আই (এম) ১৷ দুখন আসনৰ বাবে হ’বলগীয়া ৰাজ্যসভা নির্বাচনত একোখন আসনত জয়ৰ বাবে ৪২গৰাকী বিধায়কৰ সমর্থনৰ প্রয়োজন৷ বিধানসভাৰ বর্তমানৰ শক্তি অনুসৰি বিজেপি মিত্রজোঁটৰ মুঠ সদস্য সংখ্যা হৈছে ৭৮৷ শেহতীয়াকৈ বি পি এফ দলেও বিজেপিৰ সংগী হ’বলৈ আগবঢ়াত সেই সংখ্যা ৮১লৈ বৃদ্ধি পাইছে৷ আনহাতে, কংগ্রেছৰ শশীকান্ত দাসে ইতিমধ্যে চৰকাৰৰ পক্ষত অৱস্থান লোৱাত সেই সংখ্যা স্বাভাৱিকতে ৮২লৈ বৃদ্ধি পোৱাটো নিশ্চিত হৈছে৷

এনে অৱস্থাত দুয়োখন আসন দখল কৰিবলৈ বিজেপি মিত্রজোঁটক মাত্র দুজন বিধায়কৰহে সমর্থনৰ দৰকাৰ৷ ইয়াৰ বিপৰীতে আজিৰ তাৰিখত কংগ্রেছৰ কার্যতঃ শক্তি ২৫হে বুলিব পাৰি৷ ৰহাৰ বিধায়ক শশীকান্ত দাসে বিজেপিৰ পক্ষত অৱস্থান লোৱাৰ দৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদেও ইতিমধ্যে অহা ৩১ জানুৱাৰীৰ ভিতৰত কংগ্রেছ ত্যাগৰ স্পষ্ট ইংগিত দিছে৷ কংগ্রেছৰ ২৫, এ আই ইউ ডি এফৰ ১৫, ৰাইজৰ দলৰ ১ আৰু চি পি আই (এম)ৰ ১ সদস্য মিলি বিৰোধীৰ মুঠ শক্তি হৈছে ৪২৷ কিন্তু সম্প্রতি বিৰোধীৰ ৰাজনৈতিক শিবিৰত যি ৰাজনৈতিক বাতাৱৰণ চলিছে, নির্বাচন পর্যন্ত যে ৪২ বিধায়ক একত্রিত হৈ থাকিব, তাত যথেষ্ট সন্দেহ আছে৷ এ আই ইউ ডি এফে ৰাজ্যসভা নির্বাচনত বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে এজন প্রার্থী প্রক্ষেপৰ পোষকতা কৰিছে যদিও একে সময়তে এইবাৰ বিৰোধীৰ আসনখন তেওঁলোকক এৰি দিয়াৰ দাবী কৰিছে৷

ইতিমধ্যে দলটোৰ কেইবাগৰাকীও বিধায়কে সেই বিষয়ে ৰাজহুৱাকৈ দাবী উত্থাপন কৰিছে৷ ফলত আসনখন এৰাধৰাক লৈ বিৰোধী শিবিৰত শেষমুহূর্তত ভাঙোন অহাৰ সম্ভাৱনা উলাই কৰিব নোৱাৰি৷ এই ভাঙোনৰ বাবে অসন্তুষ্ট হৈ কোনো বিধায়কে ভোটদানৰ পৰা বিৰত থাকিলে বা ভোট বাতিল কৰিলে স্বাভাৱিকতে ভোটৰ কোটাৰ পৰিমাণো হ্রাস পাব৷ তেনে পৰিস্থিতি আহি পৰিলে বিজেপি মিত্রজোঁটে বিৰোধী বিধায়কৰ সমর্থন অবিহনে বর্তমানৰ ৮২ শক্তিৰেই দুয়োখন আসন দখল কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷ কিয়নো সম্প্রতি কংগ্রেছৰ আৰু কিছু বিধায়কে বিজেপিত যোগদানৰ বাবে চর্চা চলি থকাৰ সমান্তৰালভাৱে এ আই ইউ ডি এফৰো বিভিন্নজন বিধায়কে সময়ে সময়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি চৰকাৰখনৰ কাম–কাজৰ মুকলি সমর্থন কৰি আহিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মুখ্যমন্ত্রী ড০ শর্মায়ো ইতিপূর্বে ৰাজ্যসভা নির্বাচনক লৈ বিৰোধীয়ে একো কৰি লাভ নাই বুলি স্পষ্ট কৰি দিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যসভা নির্বাচনক লৈ বিজেপিয়ে কেতিয়াবাই অংক কৰি থৈছে বুলি কৰা মন্তব্যয়ো যথেষ্ট তাৎপর্যপূর্ণ বহন কৰিছে৷ মুঠতে বিভাজিত বিৰোধী, কংগ্রেছৰ অন্তঃকন্দল আৰু বি পি এফৰ বিজেপিক সমর্থনে সমাগত ৰাজ্যসভা নির্বাচনত দ্বিতীয়খন আসনো অনায়াসে মিত্রজোঁটৰ পক্ষলৈ যোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷