আজিৰ পৰা ‘ৰং’ৰ পর্দা জীপাল কৰিব বৰষুণ–এ

সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া ৭.৩০ বজাত হ’ব সম্প্রচাৰ

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’৷ জন্মলগ্নৰে পৰা ৰং–এ দর্শকক মনোৰঞ্জন প্রদানৰ বাবে বিভিন্ন অনুষ্ঠান আৰু ধাৰাবাহিক পৰিৱেশন কৰি আহিছে৷ এইবাৰ দর্শকৰ ৰুচি–ভিৰুচিৰ প্রতি লক্ষ্য ৰাখি ৰঙে প্রস্তুত কৰিছে অগতানুগতিক ভিন্নধর্মী এখন ধাৰাবাহিক ‘বৰষুণ’

জনপ্রিয় ধাৰাবাহিক ‘বৃন্দাবন’ৰ সফল সমাপ্তিৰ পাছত পংকজ গগৈ আৰু বিশ্বজিৎ চাংমাইৰ কাহিনীৰে, নৱপ্রজন্মৰ জনপ্রিয় পৰিচালক পংকজ গগৈৰ পৰিচালনাৰে নতুন ধাৰাবাহিক ‘বৰষুণ’ আজিৰে পৰা সন্ধিয়া ৭.৩০ বজাত ‘ৰং’ৰ পর্দাত সম্প্রচাৰ হ’ব৷ মণি ভট্টাচার্যই সুন্দৰকৈ চিত্রনাট্য আৰু সংলাপেৰে সজাই তোলা ধাৰাবাহিকখনৰ শীর্ষ গীতটিয়ে ইতিমধ্যে জনপ্রিয়তা অর্জন কৰিছে৷ গীতার্থ গিৰীণৰ কথা–সুৰ আৰু কণ্ঠেৰে মনপৰশা গীতটিৰ সংগীত পলাশ গগৈৰ৷ হীৰকজ্যোতি দাসে সুন্দৰকৈ ৰূপসজ্জাৰে সজাই তোলা চৰিত্রসমূহে প্রাণৱন্ত কৰি তোলা দৃশ্যসমূহ কেমেৰাৰে ধৰি ৰাখিছে বিশ্বজিৎ চাংমায়ে আৰু সম্পাদনাৰে অনন্য মাত্রা প্রদান কৰিছে দীপজ্যোতি দাসে৷

উল্লেখ্য যে ধাৰাবাহিকখনৰ মুখ্য তিনিটা চৰিত্রত প্রিয়ম পল্লৱী, বংকিম শইকীয়া আৰু হেলিনা দৈমাৰীয়ে অভিনয় কৰাৰ বিপৰীতে ধাৰাবাহিকখনৰ আন চৰিত্রসমূহত দেখা যাব নৱ মহন্ত, বসন্ত শইকীয়া, মীনাক্ষি দত্ত, নিবেদিতা মহন্ত, অভিনৱ গোস্বামী, নয়নজ্যোতি গগৈ, নৱ নিহাল, যশস্বী ভূঞা আদি বহু ন–পুৰণি শিল্পীক৷ দুটি বিশেষ শিশু চৰিত্রত দেখা যাব কৃতি মহন্ত আৰু শোভনজ্যোতি দাসক৷ পৱিত্র খাউণ্ড আৰু অজন্তা বসুমতাৰীয়ে মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰা ধাৰাবাহিকখনৰ আৱহ সংগীত নৈবেদ্য হাজৰিকাৰ আৰু গ্রাফিক্স হিমাদ্রী শেখৰৰ৷ অভিজ্ঞান চুতীয়াই পুনঃশব্দগ্রহণ কৰা ধাৰাবাহিকখন এগৰাকী ছোৱালী ‘দেৱযানী’ৰ জীৱন পৰিক্রমাৰে আগবাঢ়িব৷ খুব সুন্দৰকৈ, নিখুঁতভাৱে সকলো দিশ সামৰি পৰিচালকে ধাৰাবাহিকখন দর্শকৰ বাবে সাজু কৰি তুলিছে৷