নিয়মীয়া বাৰ্তা, ২৫ জুনঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ জুনত। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰিছে। টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পুৱা ৯ বজাত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।
Results of the Assam Higher Secondary (HS) final examinations will be declared on June 27 (Monday) at 9 am. My best wishes to all the students who had appeared in the examinations
— Himanta Biswa Sarma (@himantabiswa) June 25, 2022
উল্লেখ্য যে এইবাৰ ৭৯৬টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত ১,৬৪,২১৯গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল৷ ইয়াৰে ৭৩,০০৭গৰাকী ছাত্র হোৱাৰ বিপৰীতে ৯১,২১২গৰাকী আছিল ছাত্রী৷ বিজ্ঞান শাখাত ৩৪,৪০১গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল পৰীক্ষাত৷ য’ত ছাত্রৰ সংখ্যা ২১,৫৪৬গৰাকীৰ বিপৰীতে ছাত্রীৰ সংখ্যা আছিল ১২,৮৫৫গৰাকী৷ আনহাতে বাণিজ্য শাখাত ১৫,৫৮১গৰাকী ছাত্র–ছাত্রী অৱতীর্ণ হৈছিল চূড়ান্ত পৰীক্ষাত৷ ইয়াৰে ১১,২২৪গৰাকী ছাত্রৰ বিপৰীতে ৪,৩৫৭গৰাকী আছিল ছাত্রী৷