নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰে ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ২৭ জুনত। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই কথা প্ৰকাশ কৰিছে। টুইটাৰযোগে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি পুৱা ৯ বজাত ফলাফল লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখ্য যে এইবাৰ ৭৯৬টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত ১,৬৪,২১৯গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল৷ ইয়াৰে ৭৩,০০৭গৰাকী ছাত্র হোৱাৰ বিপৰীতে ৯১,২১২গৰাকী আছিল ছাত্রী৷ বিজ্ঞান শাখাত ৩৪,৪০১গৰাকী পৰীক্ষার্থী অৱতীর্ণ হৈছিল পৰীক্ষাত৷ য’ত ছাত্রৰ সংখ্যা ২১,৫৪৬গৰাকীৰ বিপৰীতে ছাত্রীৰ সংখ্যা আছিল ১২,৮৫৫গৰাকী৷ আনহাতে বাণিজ্য শাখাত ১৫,৫৮১গৰাকী ছাত্র–ছাত্রী অৱতীর্ণ হৈছিল চূড়ান্ত পৰীক্ষাত৷ ইয়াৰে ১১,২২৪গৰাকী ছাত্রৰ বিপৰীতে ৪,৩৫৭গৰাকী আছিল ছাত্রী৷

You might also like