নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ “এই নিৰ্বাচন হৈছে আমাৰ স্থানীয় নিৰ্বাচন। বিটিচিৰ পৰা বিশেষকৈ বিজেপিক উখাত কৰিম। আমি যদি ইয়াত যৌথ ভাৱে প্ৰাৰ্থী নিদো তেতিয়া বিজেপি, ইউপিপিএল, বিপিএফৰ একচেটিয়া শাসন চলিব। যদি কেনেবাকৈ এওঁলোকৰ একচেটিয়া শাসন চলে, তেতিয়াহলে বিটিচিৰ ৰাইজৰ বিকাশ সম্ভৱ নহ’ব। বিটিচি ৰাইজৰ স্বাৰ্থত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ।”- আজি বিটিচিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।
লগতে পঢ়কঃ মুখত মাস্ক থকাৰ পিছতো আনে দেখা পাব আপোনাৰ সুন্দৰ মুখখন, কেনেকৈ?
ইপিনে অগপ সভাপতি অতুল বৰাই কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক কলি যুগৰ সূচনা হ’ব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- ‘কলি যুগৰ সূচনা হৈছে যদি বিষ্ণু অৱতাৰ লৈ AGPয়ে অসমক উদ্ধাৰ কৰক। তেওঁলোকে অসম শেষ কৰি দিলে। ‘কা’ আইন আনি তেওঁলোকে অসম শেষ কৰি দিলে। আমি এতিয়া হেৰুৱা অসম উদ্ধাৰ কৰিম।’