শদিয়াৰ বুঢ়া-বুঢ়ী শালত আশীষ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ দুদিনীয়া কাৰ্যসূচীৰে শদিয়াত উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ বুঢ়া-বুঢ়ী শালত সেৱা আগবঢ়োৱাৰ উপৰিও শালৰ চৌহদতে দেউৰী স্বায়ত্ত পৰিষদ অনুদান দিয়া ১০ লাখ টকাৰ খোৱাপানী আঁচনিৰ আধাৰশিলাও স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে বিয়লি কাকপথাৰত এখন সভাত অংশ ল’ব মন্ত্ৰীগৰাকীয়ে।

মন্ত্ৰী ড০ শৰ্মাক সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক শ্ৰীযুত বলীন চেতিয়াই।