ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ ঐতিহ্য, সংস্কৃতি আৰু আপুৰুগীয়া সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত আন এটি পদক্ষেপৰ ৰূপায়ণেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩.৪৩ কোটি টকা ব্যয়সাপেক্ষে ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়কসকল-  প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।