নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ প্রথমতে নির্বাচন আৰু এতিয়া ক’ভিডৰ সুযোগ লৈ অসাধু ব্যৱসায়ী চক্রই পূর্ণ্যোদমে চলাই গৈছে ৰাসায়নিক সাৰৰ অবৈধ ব্যৱসায়৷ অসম তথা পশ্চিমবংগৰ কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্যযুক্ত সাৰ এই চক্রটোৱে দৈনিক অসমৰ মাজেৰে চালান দি আছে চুবুৰীয়া ৰাষ্ট্র ম্যানমাৰ আৰু বাংলাদেশলৈ৷ লক্ষণীয় কথাটো হ’ল, অসমৰ দুই সীমান্তৱর্তী জিলা কোকৰাঝাৰ আৰু ধুবুৰীৰ আৰক্ষীয়ে সাৰৰ চোৰাং ব্যৱসায়ত পৃষ্ঠপোষকতা আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কিয়নো বহিঃৰাষ্ট্রলৈ সাৰ চালান দিয়া কাৰবাৰ চোৰাং বেপাৰী চক্রটোৱে দুই–এদিনতে আৰম্ভ কৰা নাই৷ পূর্বৰে পৰা গাঞ্জা আৰু সুৰা সৰবৰাহৰ লগত জড়িত এটা বাহিনীয়ে এতিয়া ৰাজসাহায্যযুক্ত সাৰৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে৷ তেওঁলোকে কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ আৰক্ষীৰ লগত সদায়ে এটা মধুৰ সম্পর্ক ৰক্ষা কৰি আহিছে৷ নক’লেও হয় যে ধনৰ বিনিময়তে আৰক্ষী আৰু চোৰাং কাৰবাৰীৰ মাজত একোটা সম্পর্ক স্থাপন হয় আৰু লেনদেনৰ ধাৰাবাহিকতাৰ ওপৰত এই সম্পর্কৰ স্থায়িত্ব নির্ভৰ কৰে৷ সেই সূত্রেই অসমৰ এটা কুখ্যাত ব্যৱসায়ী চক্রই মুকলিকৈ ৰাজসাহায্যযুক্ত সাৰৰ চোৰাং ব্যৱসায় গঢ়ি তুলিছে৷
উল্লেখ্য যে বিগত কেইবাদশক ধৰি দেশৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ কেন্দ্রীয় চৰকাৰে সাৰৰ ওপৰত ৰাজসাহায্য প্রদান কৰি আহিছে৷ উদাহৰণস্বৰূপে ইউৰিয়া সাৰৰ ক্ষেত্রত প্রতি টনৰ মূল্য কেন্দ্রীয় চৰকাৰে ৫,৯২২ টকাকৈ নির্ধাৰণ কৰি দিয়ে৷ কিন্তু প্রতি টন ইউৰিয়াৰ উৎপাদন মূল্য হ’ল ১৭ হাজাৰ টকা৷ কোম্পানীসমূহে ৫,৯২২ টকাত কৃষকক ইউৰিয়া যোগান ধৰাৰ বিপৰীতে বাকী ধনখিনি চৰকাৰে ৰাজসাহায্যৰ ৰূপত কোম্পানীক আদায় দিয়ে৷ ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰে বছৰি হাজাৰ হাজাৰ টকা ব্যয় কৰি আহিছে৷ কিন্তু দুর্ভাগ্যজনকভাৱে অসম আৰু পশ্চিমবংগৰ কৃষকৰ বাবে আবণ্টিত ৰাজসাহায্যযুক্ত সাৰৰ অধিকাংশই চালান দিয়া হয় বাংলাদেশ নাইবা ম্যানমাৰলৈ৷ এই চোৰাং বেহাত অতি সক্রিয়ভাৱে জড়িত হৈ আছে এটা বিশেষ বাহিনী৷
অভিযোগ অনুসৰি শ্রীৰামপুৰ আৰু ছাগলীয়াৰে ৰাজসাহায্যযুক্ত সাৰৰ গাড়ী অসমলৈ পাৰ কৰোৱাত মূল ভূমিকা পালন কৰে নুৰ ইছলাম নামৰ এজন লোকে৷ তেওঁৰ প্রকৃত ঘৰ হ’ল ধুবুৰী জিলাৰ গৌৰীপুৰত৷ এইজন নুৰ ইছলামৰ বায়’ডাটা বহু দীঘলীয়া৷ থোৰতে ক’বলৈ গ’লে, ইয়াৰ পূর্বে আন সামগ্রীৰ চোৰাং বেহাত জড়িত হৈ তেওঁ আৰক্ষীৰ জালতো পৰিছিল৷ কিন্তু তেতিয়াই শাস্তিৰ সন্মুখীন হোৱাৰ সলনি নুৰ ইছলাম ধুবুৰী আৰক্ষীৰ সৈতে মধুৰ সম্পর্কহে গঢ়ি তোলে৷ সেই সুবাদতে এইজন চোৰাং বেপাৰীয়ে এইবাৰ আৰম্ভ কৰিছে ৰাজসাহায্যযুক্ত সাৰৰ অবৈধ চালান৷ তেওঁৰ নেতৃত্বত প্রতিদিনে ৪–৫খনকৈ সাৰভর্তি ১২–১৪ চকীয়া ট্রাক অসমত প্রৱেশ কৰে৷
একোখন ট্রাকত থাকে ২৫–৩০ টনকৈ ৰাজসাহায্যযুক্ত ইউৰিয়া৷ এই ট্রাকসমূহ পোনে পোনে কাছাৰলৈ যোৱাৰ পাছত চমজি লয় কপিল নামৰ আন এজন লোকে৷ তেওঁৰ জৰিয়তেই ভাগে ভাগে ৰাজসাহায্যযুক্ত সাৰ বাংলাদেশ আৰু ম্যানমাৰলৈ চালান দিয়া হয়৷ জানিব পৰা মতে, প্লাইউডৰ লগতে বিভিন্ন উদ্যোগত ইউৰিয়া ব্যৱহাৰ হয়৷ সেইবাবে উক্ত দুয়োখন দেশত কম দামতে পোৱা ভাৰতৰ উইৰয়াৰ চাহিদা বহুত বেছি৷ তাতোকৈ ভয়ানক কথাটো হ’ল বিভিন্ন উগ্রপন্থী সংগঠনে বাৰুদ প্রস্তুত কৰাৰ কামতো ইউৰিয়া ব্যৱহাৰ কৰে৷ ভাৰতৰ কৃষকৰ বাবে আবণ্টিত ইউৰিয়া উগ্রপন্থী সংগঠনৰ হাতত পৰাৰ গুৰুতৰ অভিযোগো প্রায়ে শুনা যায়৷ এনে পৰিস্থিতিত নুৰ ইছলামৰ জৰিয়তে চলি থকা চোৰাং সাৰৰ চালান বন্ধ কৰিবলৈ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷