প্রদ্যুৎ–ভূপেন–ৰকিবুলৰ মাজৰ এজনে হ’ব কংগ্রেছৰ পৰৱর্তী সভাপতি

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ প্রদেশ কংগ্রেছৰ পৰৱর্তী সভাপতি কোন হ’ব, তাক লৈ দলটোৰ ভিতৰচ’ৰাত চলি আছে লীবকেন্দ্রিক ৰাজনীতি৷ দলটোৰ নেতাসকলে ইতিমধ্যে ভাগে ভাগে নিজ পছন্দৰ লোকক সভাপতি পদত অধিষ্ঠিত কৰোৱাৰ কুচকাৱাজ অব্যাহত ৰাখিছে৷ দলৰ ভিতৰচ’ৰাত এনে তৎপৰাত চলি থকাৰ সময়তে প্রদেশ কংগ্রেছৰ পৰৱর্তী সভাপতিক লৈ মহাবিস্ফোৰণ ঘটালে জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷

বিধায়ক কুর্মীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ জ্যেষ্ঠ নেতা প্রদ্যুৎ বৰদলৈ অথবা ভূপেন বৰাই পৰৱর্তী সভাপতি হ’ব৷ দেৱব্রত শইকীয়াক প্রদেশ কংগ্রেছৰ সভাপতিৰ দায়িত্ব নিদিয়ে বুলি উল্লেখ কৰি তেওঁ কয় যে শইকীয়াক ইতিমধ্যে হাইকমাণ্ডে বিৰোধী দলপতিৰ দায়িত্ব দিছে৷ সেয়ে এজন ব্যক্তিকেই দলে দুই–তিনিটা দায়িত্ব দিব বুলি তেওঁ নাভাবে৷ প্রদ্যুৎ বৰদলৈ বা ভূপেন বৰা সভাপতি নহ’লে ৰকিবুল হুছেইনে হ’ব বুলি মত প্রকাশ কৰি বিধায়ক কুর্মীয়ে কয় যে ৰকিবুল হুছেইনৰ নামো সভাপতিৰ চর্চাত আছে৷ ৰকিবুল হুছেইনক তীব্র কটাক্ষ কৰি কুর্মীয়ে কয় যে দলক ধৰি ৰখাৰ চেষ্টা চলাই অহা ৰকিবুল হুছেইন প্রদেশ কংগ্রেছৰ সভাপতি হ’লে ২০২৬ চনত অসমৰ মুখ্যমন্ত্রী হ’ব৷ বর্তমান তাৰ প্রস্তুতিও চলিছে৷ ৰকিবুল হুছেইনক ‘বিধাতা–সৃষ্টিকর্তা–হ’ব বুলি কটাক্ষ কৰি পুনৰ কয়– ‘তেওঁ নাথাকিলে ক’ত কংগ্রেছ থাকিব? ৰকিবুল হুছেইনৰ বাবেই অসমত কংগ্রেছ আছে৷’

আনহাতে, নিজেই দাবীদাৰ হোৱাৰ পাছতো প্রদেশ কংগ্রেছৰ সভাপতি হ’ব নোৱাৰাৰ প্রসংগত কুর্মীয়ে কয় যে তেওঁ দেখাত ক’লা, দাড়ি–চুলি আছে, মুখখন বেছি চলে, চাহ জনগোষ্ঠীৰ লোক বাবেই তেওঁক সেই দায়িত্ব নিদিয়ে৷ সেইদৰে বৰপেটাৰ সাংসদ আব্দুল খালেক ধর্মীয় সংখ্যালঘু আৰু বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ভাষিক সংখ্যালঘু লোক বাবেই তেওঁলোক দুজনকো সভাপতিৰ দায়িত্ব নিদিয়ে বুলি তেওঁ মন্তব্য কৰে৷