আকাশলংঘী হাৰত বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ দাম

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বজাৰত দাম বৃদ্ধিৰ জুয়ে ত্রাহি–মধুসূদন সোঁৱৰাইছে সর্বসাধাৰণ জনতাক৷ প্রতিবিধ সামগ্রীৰে দাম নিতৌ ঊর্ধ্বমুখী হৈ গৈয়ে আছে৷ ইয়াৰ পৰা বাদ পৰা নাই জীৱনদায়িনী ঔষধো৷ জ্বৰ, মূৰৰ বিষ, ডায়েবেটিছ, হূদৰোগ, চর্মৰোগ, উচ্চ ৰক্তচাপকে ধৰি বিভিন্ন বেমাৰৰ ঔষধ কিনিবলৈ গৈ মূৰে–কপালে হাত দিবলগীয়া হৈছে ৰোগী আৰু তেওঁলোকৰ অভিভাৱকসকলে৷ এক কথাত ক’বলৈ গ’লে চিকিৎসা ব্যৱস্থা ক্রমশঃ ব্যয়বহুল হৈ পৰিছে৷ ৰোগী–ভিভাৱকৰ মূৰত মাধমাৰ শোধাই যোৱা পহিলা এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছিল প্রায় ৮০০ বিধ অত্যাৱশ্যকীয় দৰবৰ দৰ৷ ‘নেচনেল এছেনছিয়েল লিষ্ট অৱ মেডিচিন’ৰ অন্তর্ভুক্ত এই ৮০০ বিধ ঔষধৰ দাম ১০.৭৭ শতাংশ পর্যন্ত বৃদ্ধি কৰা হয়৷ ‘নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী’ৰ এই সিদ্ধান্তক লৈ দেশৰ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল যদিও পাছলৈ সেয়া কার্যতঃ মানি লয় জনসাধাৰণে৷ কিন্তু অতি আশ্চর্যজনকভাৱে ইয়াৰ পাছতো জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাই গৈয়ে আছে৷ এতিয়া বহুবোৰ ঔষধৰ ক্ষেত্রত ৰোগী–ভিভাৱকে পূর্বৰ তুলনাত ১০.৭৭ শতাংশৰ পৰিৱর্তে অতিৰিক্তভাৱে ভৰিবলগীয়া হৈছে ১২ৰ পৰা ২০ শতাংশ পর্যন্ত দাম৷ ইয়াৰ মূলতে পৰৱর্তী সময়ত ঔষধৰ দাম নিয়ামক কৰাৰ নামত ‘নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী’য়ে জাৰি কৰা দুটাকৈ নির্দেশনা৷

১ এপ্রিলৰ পৰা ৮০০ বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধি কার্যকৰী হোৱাৰ পাছতে ১৬ এপ্রিলত ‘নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী’য়ে এক নির্দেশনাযোগে ২৩ বিধ ঔষধৰ খুচুৰা বিক্রী দৰ নির্ধাৰণ কৰি দিয়ে৷ সেইদৰে চলিত মাহৰ প্রথম ভাগত আন ৮৪বিধ ঔষধৰ ক্ষেত্রতো গ্রহণ কৰা হয় অনুৰূপ পদক্ষেপ৷ ফলত এই ঔষধসমূহৰ দাম অধিক হাৰত বৃদ্ধি পাইছে৷ ৰাজ্যৰ ফার্মাচিউটিকেল সংস্থাসমূহৰ যৌথ মঞ্চ জইণ্ট একচন ফ’ৰাম অৱ ফার্মাচিউটিকেল অর্গেনাইজেচনছৰ অন্যতম চেণ্টাৰ অৱ মেডিকেল এন ছেলছ ৰিপ্রেজেণ্টেটিভ ইউনিয়ন, উত্তৰ পূবৰ সম্পাদক ৰাহুল পুৰকায়স্থই ঔষধৰ দাম বৃদ্ধিৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে৷ তেওঁৰ মতে পূর্বতে ঔষধৰ দাম বৃদ্ধিৰ লগত পাইকাৰী মূল্যসূচক (ডব্লিউ পি আই)ৰ কোনো সম্পর্ক নাছিল৷ কিন্তু এইবাৰ ১ এপ্রিলৰ পৰা কার্যকৰী হোৱা দাম বৃদ্ধিৰ বিষয়ত ডব্লিউ পি আই সংযুক্ত কৰা হৈছে৷ যাৰ বাবেই একেকোবে ঔষধৰ দাম বৃদ্ধি পাইছে ১০.৭৭ শতাংশ৷ কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচন, অসমে ঔষধৰ ক্রমবর্ধমান আকাশলংঘী মূল্যবৃদ্ধি সন্দর্ভত এক গুৰুত্বপূর্ণ দিশ উনুকিয়াইছে৷ সংগঠনটোৰ সাংগঠনিক সম্পাদক পার্থ বেনার্জীৰ মতে জীৱনী দায়িনী ঔষধ প্রস্তুতৰ উপাদান ‘এক্টিভ ফার্মাচিউটিকেল ইনগ্রিডিয়েণ্ট’ (এপিআই)ৰ লগতে ইয়াৰ সহায়ক পদার্থ আৰু পেকেজিং সামগ্রীৰ বাবে এতিয়াও ভাৰত বহিঃৰাষ্ট্রৰ ওপৰত নির্ভৰশীল৷ বিশেষকৈ চীনৰ পৰা বহুলাংশে এপিআই, সহায়ক পদার্থ আৰু পেকেজিং সামগ্রী আমদানি কৰা হয়৷ কিন্তু ক’ভিডসৃষ্ট পৰিৱেশৰ সময়ৰে পৰা এই আমদানি যথেষ্ঠ পৰিমাণে হ্রাস পাইছে৷ যাৰ প্রভাৱ পৰিছে দাম বৃদ্ধিত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিগত আঠ বছৰত দেশত দৰবৰ দাম বৃদ্ধি গঢ়ে আছিল প্রায় ২.৫ শতাংশ৷ কিন্তু পূর্বে উল্লেখ কৰি অহা হৈছে যে যোৱা ১ এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ এবাৰতে দৰবৰ দাম ১০.৭৭ শতাংশ বৃদ্ধি পায়৷ তদুপৰি বিষয়টো ইয়াতে সীমিত হৈ থকা নাই৷ দাম স্থিৰৰ নামত ‘নেচনেল ফার্মাচিউটিকেল প্রাইচিং অথৰিটী’য়ে জাৰি কৰা দুটাকৈ নির্দেশনাৰ ফলতো বিৰূপ প্রভাৱ পৰিছে৷

ৰাজ্যৰ খুচুৰা দৰবৰ বজাৰৰ পৰা সংগ্রহ কৰা তথ্য অনুসৰি বিগত এপ্রিল মাহৰ পৰা জুলাই মাহ পর্যন্ত এজিথ্র’মাইচিনৰ দাম দুবাৰ বৃদ্ধি পাইছে৷ কিছুদিন পূর্বে এজিথ্র’ল ৫০০ এম জি প্রতি ষ্টিপ টেবলেটৰ দাম ১১৯.৫০ টকা আছিল যদিও আজিৰ তাৰিখত এইবিধ দৰব প্রতি ষ্টিপত বিক্রী হৈছে ১৩২.৩৬ টকাত৷ অনুৰূপ ধৰণে পান–ডি কেপছুলৰ একোটা ষ্ট্রিপ ১৯০ টকাত উপলব্ধ আছিল যদিও আজিৰ তাৰিখত ৰোগীয়ে এইবিধ ঔষধ ১৯৯ টকাত ক্রয় কৰিবলগীয়া হৈছে৷ পূর্বে আৰ এক্স প্লাছ কেপছুলৰ একোটা ষ্ট্রিপ ২০৪ টকাতে পোৱা গৈছিল, কিন্তু সম্প্রতি ইয়াৰ দাম হৈছেগৈ ২২৪ টকা৷ ৫৫.৫২ টকাত ক্রয় কৰিব পৰা লেনজ ২০ এম জি কেপছুলৰ বর্তমান একোটা ষ্ট্রিপত ৬১.৪৮ টকা ভৰিবলগীয়া হৈছে৷ ভেকুৰজাতীয় সংক্রমণত ব্যৱহূত ফুক’নাজলা ১৫০ মিলিগ্রাম দৰবৰ দৰ বৃদ্ধি পাইছে ২০ শতাংশ পর্যন্ত৷ লিভোক্সাচিন টেবলেটৰ ১২.৪ শতাংশ, চেফিক্স ২০০ৰ ১১ শতাংশ, ডেক্সনা টেবলেটৰ ১০.৩৫ শতাংশ, পিডি–ডিএছ–আৰএল আদি বিভিন্ন প্রকাৰৰ চেলাইনৰ দাম ১১ শতাংশ বৃদ্ধি পাইছে৷ উচ্চ ৰক্তচাপত ব্যৱহূত জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাইছে ১১ৰ পৰা ১৫ শতাংশলৈকে৷ বিভিন্ন প্রকাৰৰ ভিটামিনৰ দামো ১৪ শতাংশ পর্যন্ত বৃদ্ধি পাইছে৷ মুঠৰ ওপৰত সম্প্রতি আকাশলংঘী হৈ পৰিছে জীৱনদায়িনী ঔষধ৷ এনে প্রেক্ষাপটত কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ’চিয়েচন, অসমে চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষক ঔষধৰ দাম নিয়ন্ত্রণ কৰিবলৈ আহ্বান জনায়৷ সংগঠনটোৰ মতে ঔষধৰ এনে দাম বৃদ্ধিয়ে বজাৰত জুইত দগ্ধ জনসাধাৰণক অধিক ক্ষতিগ্রস্ত কৰিছে৷ খুচুৰা বিক্রীৰ নির্ধাৰিত মূল্যতে ঔষধৰ দাম কমোৱাৰ লগতে জিএছটিৰ নিৰিখ হ্রাস অথবা বিলোপ কৰাৰ পদক্ষেপেৰে জনসাধাৰণক সকাহ দিবলৈ সংগঠনটোৱে চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে৷

Featured