আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ ছেপ্টেম্বৰ, ভাদ মাহৰ ৩১ তাৰিখ

মেষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ বিয়াৰ প্রস্তাৱ পাব পাৰে৷ ব্যৱসায়ীৰ হাতলৈ ধন আহিব৷ আজি টকা আনক ধাৰলৈ নিদিব৷ চাকৰিয়ালৰ শুভ৷
বৃষঃ শুভ ৰং হালধীয়া, সংখ্যা ৫৷ পুৰণা মোকর্দমাত জয়ী হোৱাৰ আশা আছে৷ অনাকাংক্ষিত সমস্যাত পৰিব পাৰে৷ শৰীৰ সুস্থ থাকিব৷
মিথুনঃ শুভ ৰং সেউজীয়া, সংখ্যা ৭৷ ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব৷ শিক্ষার্থীৰ শুভ৷ হাতলৈ টকা–পইচা আহিব৷ পৰি আঘাত পাব পাৰে৷
কর্কটঃ শুভ ৰং ৰঙা, সংখ্যা ৬৷ বন্ধুৰ সহায়ে সমস্যা দূৰ কৰিব৷ শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ টকা ধাৰ দিয়া বা লোৱা এটাও নকৰিব৷
সিংহঃ শুভ ৰং গুলপীয়া, সংখ্যা ৮৷ আনক সহায় কৰি সন্মান পাব৷ চোৰ–ডকাইতৰ পৰা সাৱধান হ’ব৷ ঘৰৰ মূল্যৱান সম্পত্তি হেৰাব পাৰে৷ অর্থৰ নাটনি হ’ব৷
কন্যাঃ শুভ ৰং নীলা, সংখ্যা ৯৷ ব্যৱসায়ীৰ উন্নতিৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷ খৰচ বাঢ়িব৷ অচিনাকি লোকৰ পৰা দূৰত থাকিব৷
তুলাঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৮৷ দুর্ঘটনা ঘটিব পাৰে৷ সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে৷ বিদ্যাত উন্নতি হ’ব৷ চাকৰিয়ালে বদলিক লৈ সমস্যাত পৰিব৷
বৃশ্চিকঃ শুভ ৰং গেৰুৱা, সংখ্যা ৪৷ অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ আনক সহায় কৰি সন্মানিত হ’ব৷ চাকৰি স্থায়ীকৰণ হ’ব৷ কর্মত নিযুক্তি হ’ব৷
ধনুঃ শুভ ৰং নীলা, সংখ্যা ৭৷ শুভ কাম আজি নকৰাই ভাল হ’ব৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব৷ শিক্ষার্থীৰ শুভ৷
মকৰঃ শুভ ৰং ৰঙা, সংখ্যা ৫৷ স্বাস্থ্যৰ প্রতি অধিক যত্ন লওক৷ অর্থ হানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব৷ লাভ বৃদ্ধি হ’ব৷
কুম্ভঃ শুভ ৰং হালধীয়া, সংখ্যা ৩৷ শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে৷ চাকৰিৰ বাবে চেষ্টা কৰক, ফল পাব৷
মীনঃ শুভ ৰং নীলা, সংখ্যা ২৷ আত্মীয়ৰ কাৰণে সমস্যাত পৰিব৷ সাংসাৰিক অশান্তি বাঢ়িব৷ হাতলৈ টকা আহিব কিন্তু খৰচ বৃদ্ধি পাব৷